ETV Bharat / bharat

দেশবাসীলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা ৰাষ্ট্ৰপতি কোবিন্দ আৰু প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Feb 21, 2020, 3:28 PM IST

দেশবাসীক শিৱৰাত্ৰিৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সমূহ দেশবাসীক শুভেচ্ছা জনাই ‘এই ভগৱান মহাদেৱে সকলোৰে জীৱনত সুখ তথা শান্তি-সম্প্ৰীতি বজাই ৰখাৰ বাবে আশীৰ্বাদ প্ৰদান কৰক’ বুলি উল্লেখ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হিন্দীত টুইট কৰি সকলোকে শিৱৰাত্ৰিৰ শুভকামনা জ্ঞাপন কৰে ৷

President Kovind, PM Modi extend greetings on Maha Shivratri
দেশবাসীলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা ৰাষ্ট্ৰপতি কোবিন্দ আৰু প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰীঃ আজি মহাশিৱৰাত্ৰি ৷ শুকুৰবাৰে দেশবাসীক শিৱৰাত্ৰিৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

টুইটযোগে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সমূহ দেশবাসীক শুভেচ্ছা জনাই ‘এই ভগৱান মহাদেৱে সকলোৰে জীৱনত সুখ তথা শান্তি-সম্প্ৰীতি বজাই ৰখাৰ বাবে আশীৰ্বাদ প্ৰদান কৰক’ বুলি উল্লেখ কৰে ৷

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হিন্দীত টুইট কৰি সকলোকে শিৱৰাত্ৰিৰ শুভকামনা জ্ঞাপন কৰে ৷ লগতে বাবা ভোলানাথে দেশৰ জনগণৰ সুখ-সমৃদ্ধি তথা শান্তি অটুট থকাৰ কামনা কৰে ৷

ভগৱান মহাদেৱৰ পৰম ভক্তি তথা পূজনৰ বাবে লাখ লাখ ভক্তই মহাশিৱৰাত্ৰি পালন কৰে ৷ সকলোৱে ভগৱান মহাদেৱৰ আশীষ বিচাৰি এই পৱিত্ৰ দিনটোত ভক্তিৰসত আকুণ্ঠ ডুব যায় ৷

প্ৰকৃতাৰ্থত মহাদেৱৰ দেৱী পাৰ্বতীৰ সৈতে হোৱা বিয়াৰ আনন্দোৎসৱ হিচাপে মহাশিৱৰাত্ৰিৰ পালন কৰা হয় ৷ ইয়াত সুন্দৰী দেৱী পাৰ্বতীৰ প্ৰতি থকা অগাধ প্ৰেম তথা শ্ৰদ্ধাৰ বাস্তৱ ৰূপৰ প্ৰতিফলন ঘটে ৷ উল্লেখ্য যে, দেৱী পাৰ্বতী শক্তিৰ অন্যতম এক ৰূপ বুলি জনাজাত ৷

আৰু পঢ়কঃআড়ম্বৰপূৰ্ণভাৱে দেশজুৰি উদযাপন মহা শিৱৰাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.