ETV Bharat / bharat

Bank Fails to Pay Consumer : ৫০০ টকাৰ বিপৰীতে বেংকে ভৰিলে লাখ টকাৰ ক্ষতিপূৰণ

author img

By

Published : Oct 16, 2022, 9:04 AM IST

এজন অধিবক্তাৰ একাউন্টৰ পৰা ধন কৰ্তনৰ পাছতো ATMৰ পৰা ধন উলিয়াব নোৱাৰি তৰা গোচৰৰ গুৰুত্বপূৰ্ণ ৰায় । ইণ্ডিয়ান অভাৰচিজ বেংক(Indian Overseas Bank)এ ৫০০ টকা ঘূৰাই দিব নোৱাৰাৰ বাবেই কৰ্ণাটকৰ উপভোক্তা আয়োগে(Consumer court of Karnataka) বিহিলে ১,০২,৭০০ টকাৰ জৰিমনা(Indian Overseas Bank to pay a fine) ।

Bank fails to pay Rs 500 to consume
৫০০ টকাৰ বিপৰীতে বেংকে ভৰিলে লাখ টকাৰ ক্ষতিপূৰণ

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : কৰ্ণাটকৰ উপভোক্তা আয়োগৰ গুৰুত্বপূৰ্ণ ৰায়(Consumer court of Karnataka) । গ্ৰাহকক ৫০০ টকা ঘূৰাব নোৱাৰাৰ বাবেই ইণ্ডিয়ান অভাৰচিজ বেংক(Indian Overseas Bank)ক বিহিলে ১.০২ লাখ টকাৰ জৰিমনা । ২৮ নৱেম্বৰ ২০২০ ত এগৰাকী অধিবক্তাৰ একাউন্টৰ পৰা কৰ্তন কৰিছিল অতিৰিক্ত ৫০০ । সময়ত ৫০০ টকা ঘূৰাই নিদিয়াৰ বাবেই ১,০২,৭০০ টকা জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে আয়োগে(Indian Overseas Bank to pay a fine) ।

জানিব পৰা মতে ২৮ নৱেম্বৰ ২০২০ত ধাৰৱাডৰ অধিবক্তা সিদ্ধেশ হেবলীয়ে এটা ATM ৰ ৫০০ টকা উলিওৱাৰ চেষ্টা কৰিছিল । কিন্তু তেঁওৰ সঞ্চয় একাউন্টৰ পৰা ৫০০ টকা ডেবিট হোৱাৰ পাছতো ATM ৰ ৫০০ টকা ওলোৱা নাছিলে । তাৰ পিছত তেওঁ ওচৰৰ আন এটা ATM ৰ পৰা ৫০০ টকা উলিয়াবলৈ সক্ষম হৈছিল ।

কিন্তু পৰৱৰ্তী সময়ত প্ৰথম লেনদেনটো তেঁওৰ একাউন্টলৈ ঘূৰাই দিয়া নাছিল । যাৰ বাবে ২০২০ চনৰ ২ ডিচেম্বৰত তেঁও ইণ্ডিয়ান অভাৰচিজ বেংকৰ শাখা পৰিচালকৰ ওচৰত এই সন্দৰ্ভত এক অভিযোগ দাখিল কৰিছিল । কিন্তু শাখা প্ৰৱন্ধকে হেবলীৰ অভিযোগৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল । যাৰ পৰিপ্ৰেক্ষিতত তেওঁ ধাৰৱাডৰ জিলা উপভোক্তা আয়োগৰ ওচৰত বেংকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত এক অভিযোগ দাখিল কৰে ।

সেই অভিযোগৰ ভিত্তিত আয়োগৰ অধ্যক্ষ আশাপ্পা ভুতে আৰু সদস্য ভিএ বোলাশেট্টি আৰু পিচি হীৰেমাথে তদন্ত কৰি হেবলীৰ অভিযোগৰ সত্যসত্যতা নিৰূপন কৰে । আয়োগে উল্লেখ কৰে যে যদি গ্ৰাহকৰ একাউন্টৰ পৰা ধন কৰ্তনৰ পাছত ATM ধন দিয়াত বিফল হয় তেন্তে ৬ দিনৰ ভিতৰত কৰ্তন কৰা ধন একাউন্টত জমা কৰিব লাগে । ৬ দিনতকৈ অধিক পলম হ'লে বেংকে প্ৰতিদিনৰ বাবদ ১০০ টকাৰ ক্ষতিপূৰণ দিব লাগে ।

কিন্তু এই ক্ষেত্ৰত ধাৰৱাদৰ সপ্তপুৰত থকা ইণ্ডিয়ান অভাৰচিজ বেংকৰ শাখা প্ৰৱন্ধকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই নীতিক অমান্য কৰিছিল । সেয়েহে ৰিজাৰ্ভ বেংকৰ বিজ্ঞপ্তি অনুসৰি অভিযোগকাৰীক প্ৰত্যাখ্যানৰ বাবে ৫০০ টকা আৰু ৬৭৭ দিনৰ বিলম্বৰ বাবে প্ৰতিদিনে ১০০ টকাত ৬৭,৭০০ টকা ক্ষতিপূৰণ দিব লাগে আৰু ৰিজাৰ্ভ বেংকৰ বিজ্ঞপ্তি অনুসৰি ২৮ নৱেম্বৰ, ২০২০ ৰ পৰা ৮% হাৰত সূত ৰখা উচিত বুলি আয়োগে ৰায় প্ৰদান কৰে ।

অভিযোগকাৰীক মানসিক অত্যাচাৰৰ বাবে ২৫ হাজাৰ টকা আৰু গোচৰটোৰ ব্যয়ৰ বাবদ ১০ হাজাৰ টকাসহ মুঠ ক্ষতিপূৰণ ১,০২,৭০০ টকা হয় বুলি উল্লেখ কৰে আয়োগে আৰু উক্ত ধনৰাশি উপভোক্তা আদালতে ৰায়দানৰ ৩০ দিনৰ ভিতৰত সংশ্লিষ্ট গ্ৰাহকক পৰিশোধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । জিলা উপভোক্তা আদালত(District Consumer Commission of Dharwad)ৰ অধ্যক্ষই কয় যে চৰকাৰী আৰু ব্যক্তিগত বেংকে তেওঁলোকৰ গ্ৰাহকসকলক ৰিজাৰ্ভ বেংকৰ নিয়ম আৰু তেওঁলোকৰ বেংকৰ নিয়মৰ বিষয়ে বিতংভাৱে অৱগত কৰা উচিত ।

এই ক্ষেত্ৰত ৰিজাৰ্ভ বেঙ্কে গ্ৰাহকসকলক আগবঢ়োৱা বিশেষাধিকাৰ আৰু সুবিধাবোৰৰ বিজ্ঞাপন দিবলৈ আহ্বান জনোৱাৰ লগতে স্থানীয় ভাষাত তেওঁলোকৰ বেঙ্ক চৌহদত এখন প্ৰচাৰ মূলক বোৰ্ড স্থাপন কৰিব লাগে বুলিও উল্লেখ কৰে অধ্যক্ষই ।

লগতে পঢ়ক: Mamata Banerjee : আমোলাসকলক আইফোন ব্যৱহাৰৰ নির্দেশ মমতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.