ETV Bharat / bharat

Mamata Banerjee : আমোলাসকলক আইফোন ব্যৱহাৰৰ নির্দেশ মমতাৰ

author img

By

Published : Oct 15, 2022, 8:10 PM IST

নবান্ন সূত্রে জানিব পৰা মতে, ৰাজ্যখনৰ প্রধান প্রশাসনিক ভৱনৰ বিষয়া তথা সচিবসকলক চৰকাৰী কাম-কাজ আৰু টেক্সট মেছেজ প্ৰেৰণৰ ক্ষেত্রত আইফোন ব্যৱহাৰ কৰাৰ নির্দেশ দিয়া হৈছে (Mamata directs bureaucrats to use iPhones) । স্পষ্টভাৱে ক'বলৈ গ'লে, এণ্ড্ৰয়েড অপাৰেটিং ছিষ্টেমৰ ওপৰ ভৰসা কৰিব পৰা নাই নবান্নই (Nabanna) ।

Mamata
Mamata

নিউজ ডেস্ক, ১৫ অক্টোবৰ : দেশৰ সর্বোচ্চ আদালতে যদিও পেগাছাছ বিতর্কত পূৰ্বতেই পানী ঢালি দিছে, তথাপিও যেন পেগাছাছ (Pegasus Spyware) আতঙ্কৰ পৰা আঁতৰি থাকিব পৰা নাই মমতা বোনাৰ্জী (Mamata Banerjee)। তেওঁ যে ফোন টেপিঙক লৈ আতঙ্কিত তাৰ প্রমাণ লাভ কৰা হ'ল শনিবাৰে বিশেষ সূত্রে পোৱা এটি খবৰত ।

নবান্ন সূত্রে জানিব পৰা মতে, ৰাজ্যখনৰ প্রধান প্রশাসনিক ভৱনৰ বিষয়া তথা সচিবসকলক চৰকাৰী কাম-কাজ আৰু টেক্সট মেছেজ পঠোৱাৰ ক্ষেত্রত আইফোন ব্যৱহাৰ কৰাৰ নির্দেশ দিয়া হৈছে (Mamata directs bureaucrats to use iPhones)। স্পষ্টকৈ ক'বলৈ হ'লে এণ্ড্ৰয়েড অপাৰেটিং ছিষ্টেমৰ ওপৰত ভৰসা ৰাখিব পৰা নাই নবান্নই । সেয়ে তেওঁ নবান্নৰ বিষয়াসকলক এই আইঅ'এছ ব্যৱহাৰৰ নির্দেশ দিয়া হৈছে ।

বাহ্যিক দৃষ্টিত এই নির্দেশনা অলপ অদ্ভূত যেন লাগিলেও ইয়াৰ মাজত যথেষ্ট যুক্তিও বিচাৰি পাইছে প্রশাসনৰ শীর্ষ ব্যক্তিসকলে । কাৰণ মুখ্যমন্ত্রীৰ নির্দেশক উপেক্ষা কৰাৰ কাৰো সাধ্য নাই । ৰাজনৈতিক মহলে মুখ্যমন্ত্রীৰ এনে চিন্তাৰ আঁৰত শেহতীয়াভাৱে হৈ চৈৰ সৃষ্টি কৰা পেগাছাছ বিতর্কৰেই গোন্ধ পাইছে ৷ শেহতীয়াভাৱে ফোন টেপিঙক লৈ হৈ চৈ লাগি পৰিছিল ৰাষ্ট্ৰীয় ৰাজনীতিত ।

স্পাইৱাৰ পেগাছাছ ব্যৱহাৰ কৰি ৰাহুল গান্ধী, অভিষেক বেনাৰ্জী, প্রশান্ত কিশোৰৰ দৰে ৰাজনৈতিক নেতা আৰু কৌশলীসকলৰ ফোনৰ টেপিং হোৱা বুলি অভিযোগ উঠিছিল । সেই সময়ত মমতা বেনাৰ্জীক দেখা গৈছিল মোবাইল ফোনত লিউকোপ্লাষ্ট লগাই সাংবাদিক সন্মিলন কৰিছিল । ইয়াৰ পিছত জনসভাত গৈ সেই ফোন দাঙিও দেখুৱাইছিল তেওঁ । ইয়াৰ উপৰি বহুবাৰ চৰকাৰী আৰু ৰাজনৈতিক সভাৰ পৰাও তেওঁ কৈছিল, ৱাটছএপ কলো নিৰাপদ নহয় ।

তাৰ পিছত গঙ্গাৰে বৈ গ'ল অজস্ৰ পানী । ছিপ্রিম কোর্টে ইতিমধ্যেই পেগাছাছ সন্দৰ্ভত তেওঁলোকৰ ৰায়ো শুনাইছে । পেগাছাছ-কাণ্ডৰ 3টা অংশৰ ৰিপোর্ট জমা দিছে ছুপ্রিম কোর্টৰ দ্বাৰা গঠিত কমিটীয়ে । ইয়াৰে ভিতৰত 2টা টেকনিকেল কমিটীৰ আৰু এটি অৱসৰপ্রাপ্ত ন্যায়াধীশ আৰ ভি ৰবীন্দ্রনৰ নেতৃত্বত গঠিত কমিটীৰ । এই ৰিপোর্টত স্পষ্টভাৱে কোৱা হৌছিল, যি 29টা ফোন পৰীক্ষা কৰা হৈছে তাত পেগাছাছৰ প্রমাণ পোৱা নাই । অৱশ্যে পাঁচটামান ফোনত মালৱেৰ পোৱা গৈছে । যি 5টা ফোনত মালৱেৰ পোৱা গৈছে, সেইকেইটা চাইবাৰ নিৰাপত্তাৰ অভাৱৰ কাৰণে ঘটা বুলি টেকনিকেল কমিটীৰ ৰিপোর্টত দাবী কৰা হৈছে ।

লগতে পঢ়ক :Wall Street Journal : ৱাল ষ্ট্ৰীট জাৰ্নেলতৰ্নে মোদীৰ বিৰুদ্ধে সম্পূৰ্ণ পৃৰ্ণ ষ্ঠা পৃ ৰ বিজ্ঞাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.