ETV Bharat / bharat

Assam tableau in Delhi parade: কৰ্তব্য পথত জিলিকিল বীৰ লাচিত আৰু কামাখ্যা

author img

By

Published : Jan 26, 2023, 5:02 PM IST

দেশৰ 74 তম গণৰাজ্য দিৱস উপলক্ষ্যে আজি দিল্লীৰ কৰ্তব্য পথত বিভিন্ন ৰাজ্য আৰু বিভিন্ন বিভাগৰ দ্বাৰা পেৰেড প্ৰদৰ্শন কৰা হয় ৷ অসমৰ দলটোৱে প্ৰতীকপট হিচাপে আহোম সেনাপতি লাচিত বৰফুকনৰ বীৰত্ব আৰু কামাখ্যা ধামৰ লগতে বিহুনৃত্য প্ৰদৰ্শন কৰে (Assam tableau in Delhi parade) ৷

Assam tableau in Delhi parade
কৰ্তব্য পথত জিলিকিল বীৰ লাচিত আৰি কামাখ্যা

কৰ্তব্য পথত জিলিকিল বীৰ লাচিত আৰি কামাখ্যা

গুৱাহাটী, ২৬ জানুৱাৰী: দিল্লীৰ কৰ্তব্য পথত উজলিল অসমীয়াৰ সৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰ লাচিত বৰফুকন আৰু শক্তিপীঠ কামাখ্য মন্দিৰ ৷ আজি নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপট ৰূপে প্ৰদৰ্শিত হ’ল অসম বুৰঞ্জীৰ মহানায়ক লাচিত বৰফুকনৰ বীৰগাথা ৷ লগতে প্ৰদৰ্শিত হ’ল অসম গৌৰৱ মা কামাখ্যা ধাম ৷ ইয়াৰোপৰি অসমৰ সংস্কৃতিৰ বৰঘৰৰ অনন্য ঐতিহ্য বিহু নৃত্যও প্ৰদৰ্শিত হ’ল পেৰেডত (India 74th Republic Day) ৷

যোৱা বছৰ ৰাজপথৰ নাম কৰ্তব্য পথলৈ সলনি কৰাৰ পিছত প্ৰথমবাৰৰ বাবে সংস্কাৰ কৰা চেণ্ট্ৰেল ভিষ্টা এভিনিউত 74 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে । এইবাৰৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰা দেশৰ ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ছটা মন্ত্ৰণালয় আৰু বিভাগৰ প্ৰতীকপট সমূহৰ মাজত জিলিকি উঠিল অসমৰ প্ৰতীকপট ৷ দেশৰ ৰাষ্ট্ৰ্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ইজিপ্তৰ ৰাষ্ট্ৰপতিকে ধৰি অতিথিসকলৰ সন্মুখত প্ৰদৰ্শিত গণৰাজ্য দিৱসৰ পেৰেডত দেখা গ’ল অসমৰ প্ৰতীকপটৰ ৰূপত বীৰ লাচিতক (Heroic of historic Ahom gen Lachit barphukan) ৷

কৰ্তব্য পথত দেখা গ’ল হাতত এখন তৰোৱাল লৈ নাৱত উঠি যুদ্ধথলীত বীৰ লাচিত বৰফুকন ৷ কাষত কেইজনমান সৈনিক ৷ তাৰ পিছতেই দেখা গ’ল মহাশক্তিধাম কামাখ্য মন্দিৰ ৷ মন্দিৰৰ দুকাষে দুজন সাধক ৷ চলন্ত বাহনৰ প্ৰতীকপটৰ কাষে কাষে বিহু নাচি থকা এদল ডেকা-গাভৰু ৷ বাজি উঠিল বিহুগীতৰ যোগেদি বীৰ লাচিতৰ গুণ বন্দনা (Republic Day pared on Kartavya Path) ৷

দেশ-বিদেশৰ অতিথিৰ আগত প্ৰদৰ্শিত হ’ল অসমৰ সৌৰ্য আৰু ঐতিহ্য ৷ অসমৰ প্ৰতীকপট মূল অতিথিগণৰ সমুখেদি পাৰ হৈ যোৱা মুহূৰ্তত থিয় হৈ হাততালি দি আনন্দ প্ৰকাশ কৰা দেখা গ’ল অসমৰ দুই সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীক ।

আনহাতে, দিল্লীৰ কৰ্তব্য পথত এই প্ৰতীকপট প্ৰদৰ্শিত হোৱাৰ পিচতেই বীৰ লাচিত বৰফুকনৰ মূৰ্তিক লৈ সামাজিক মাধ্যমত একাংশ লোক সৰৱ হৈ পৰা দেখা গৈছে ৷ বীৰ লাচিতৰ মূৰ্তিক লৈ অসন্তুষ্টি প্ৰকাশ দেখা গৈছে ৷ বীৰৰ দৰে দেখা হোৱা নাই লাচিতৰ মূৰ্তি ৷ কোনোৰ মতে গালৰ হনু ওলোৱা এনে নিশকতীয়া নাছিল বীৰ লাচিত ৷ আন কাৰোবাৰ মতে, হাতত মেছি দা লৈ খঙত খেদি যোৱা এজন লোকৰ দৰে লাগিছে ৷

লগতে পঢ়ক: Republic day 2023: পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহিবলৈ প্ৰমোদ বড়োৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.