ETV Bharat / bharat

Assam CM Sarma in G20 dinner: ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা নৈশ ভোজন অনুষ্ঠানত অংশগ্ৰহণ অসমৰ মুখ্যমন্ত্ৰীৰ

author img

By ANI

Published : Sep 10, 2023, 11:37 AM IST

Assam CM Sarma in G20 dinner
ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা নৈশ ভোজন অনুষ্ঠানত অংশগ্ৰহণ অসমৰ মুখ্যমন্ত্ৰীৰ

G20 শীৰ্ষ সন্মিলনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা নৈশ ভোজন অনুষ্ঠানত অংশগ্ৰহণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰাজ্যৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ লগতে আয়োজক দললৈ কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ: নতুন দিল্লীত 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা G20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অনুষ্ঠানত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ সৈতে মত বিনিময় কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শনিবাৰে নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা G20 নৈশ ভোজনৰ সময়ত অসমৰ চহকী সংস্কৃতিৰ প্ৰদৰ্শনে গভীৰভাৱে আপ্লুত কৰা বুলি অনুভৱ ব্যক্ত কৰে ।

লগতে ৰাজ্যখনৰ সাংস্কৃতিক দিশলৈ প্ৰদান কৰা এই বিশেষ স্বীকৃতিৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সমগ্ৰ আয়োজক দলটিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে । "ভাৰত মণ্ডপমত আয়োজিত G20 ৰ নৈশ আহাৰ গ্ৰহণৰ সময়ত অসমৰ চহকী সংস্কৃতি বিশ্বৰ দৰ্শকৰ আগত প্ৰদৰ্শনে মোক গভীৰভাৱে আপ্লুত কৰে " - X যোগে মুখ্যমন্ত্ৰী শৰ্মাই ব্যক্ত কৰে এই অনুভৱ ।

  • Glimpses from the memorable G20 dinner!

    Was such a pleasure interacting with Hon’ble Prime Minister of the United Kingdom and other dignitaries.

    There was universal acknowledgment of Bharat’s greater role in ensuring global progress under Hon’ble Prime Minister Shri… pic.twitter.com/Xc17jsvSsR

    — Himanta Biswa Sarma (@himantabiswa) September 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজধানী দিল্লীত ৰাষ্ট্ৰপতি মুৰ্মুৱে আয়োজন কৰা G 20 নৈশ ভোজনৰ আহাৰ গ্ৰহণৰ বিশেষ আমন্ত্ৰিত তালিকাত স্থান লাভ কৰিছিল মুঠ 170 গৰাকী অতিথিয়ে । নৈশ ভোজন অনুষ্ঠানৰ আয়োজক ৰাষ্ট্ৰপতি মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, তেওঁৰ পত্নী সুদেশ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে যোগদান কৰে এই নৈশ আহাৰ অনুষ্ঠানত ।

বিদেশী নেতা আৰু প্ৰতিনিধিৰ মুৰব্বীৰ উপৰিও সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেবিনেট, ৰাজ্যিক মন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ সচিব, আৰু অন্যান্য বিশিষ্ট অতিথিসকলক আমন্ত্ৰণ জনোৱা হৈছিল এই অনুষ্ঠানলৈ । অৱশ্যে এই অনুষ্ঠানত নিমন্ত্ৰণ জনোৱা হোৱা নাছিল আন ৰাজনৈতিক দলৰ নেতাক ।

2 দিনীয়াকৈ আয়োজিত G 20 সন্মিলন 9 আৰু 10 ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক: G20 Summit cultural programme:জি ২০ শীৰ্ষ সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত প্ৰদৰ্শিত হ’ব অসমৰ কলা-কৃষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.