ETV Bharat / bharat

নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰি সংবিধানৰ হত্যা কৰা হৈছে : জেপি নাড্ডা

author img

By

Published : Aug 24, 2021, 8:15 PM IST

Updated : Aug 24, 2021, 8:20 PM IST

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে কৰা এক বিতৰ্কিত মন্তব্যৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ হৈছে কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যসভাৰ সদস্য নাৰায়ণ ৰাণে(Union Minister Narayan Rane) ৷ সম্প্ৰতি, এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাণেৰ এই গ্ৰেপ্তাৰ নীতি বিৰোধী বুলি মন্তব্য কৰিছে বহু বিজেপি নেতাই ৷

arrest-of-narayan-rane-is-against-indian-constitution-says-bjp-nation-president-j-p-nadda
নাৰায়ণ ৰাণেক গ্ৰেপ্টাৰ কৰি সংবিধানৰ হত্যা কৰা হৈছে : জেপি নদ্দা

নেশ্বনেল ডেস্ক, 24 আগষ্ট : মহাৰাষ্ট্ৰৰ ৰায়গড়ত আগবঢ়োৱা এক বিতৰ্কিত ভাষণৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যসভাৰ সদস্য নাৰায়ণ ৰাণে(Union Minister Narayan Rane)ৰ বিৰুদ্ধে তিনিখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে কৰা এক বিতৰ্কিত মন্তব্যৰ ওপৰত ভিত্তি কৰি সম্প্ৰতি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ।

মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৰাণেক গ্ৰেপ্তাৰ কৰিবলৈ এটা দল প্ৰেৰণ কৰাৰ সময়তে মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি চন্দ্ৰকান্ত পাটিলে কৈছিল যে, ৰাজ্য চৰকাৰে কেন্দ্ৰীয় এমএছএমই মন্ত্ৰী গৰাকীক এইদৰে গ্ৰেপ্তাৰ কৰাটো "নীতি বিৰোধী" ৷ পৰৱৰ্তী সময়ত ৰাণেৰ গ্ৰেপ্তাৰ সম্পৰ্কত টুইট যোগে মত আগবঢ়ায় বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি জেপি নাড্ডা(BJP Nation president J. P. Nadda) ই ৷ তেওঁ নাৰায়ণ ৰাণেৰ গ্ৰেপ্তাৰ সংবিধানৰ মূল্যৰ হত্যা বুলি আখ্যা দি এনে প্ৰচেষ্টাৰ দ্বাৰা বিজেপি দলক বান্ধি ৰাখিব নোৱাৰিব বুলি মন্তব্য কৰে ৷

  • महाराष्ट्र सरकार द्वारा केंद्रीय मंत्री नारायण राणे जी की गिरफ़्तारी संवैधानिक मूल्यों का हनन है। इस तरह की कार्यवाही से ना तो हम डरेंगे, ना दबेंगे।
    भाजपा को जन-आशीर्वाद यात्रा में मिल रहे अपार समर्थन से ये लोग परेशान है।
    हम लोकतांत्रिक ढंग से लड़ते रहेंगे, यात्रा जारी रहेंगी।

    — Jagat Prakash Nadda (@JPNadda) August 24, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰোপৰি প্ৰকৃততে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা(Jan ashirvad yatra)ৰ প্ৰতি ৰাইজৰ সঁহাৰি দেখি এটা পক্ষ চিন্তিত হোৱা বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে ৷ এতিয়া সৰ্বত্ৰে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক এইদৰে গ্ৰেপ্তাৰ কৰাটো আইনৰ সপক্ষে নে বিপক্ষে এই লৈ চলিছে সৰৱ চৰ্চা ৷ কিয়নো ভাৰতীয় আইন মতে, এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আছে বিশেষ নিয়ম ৷

ভাৰতত এজন কেবিনেট মন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়া :

যদি সংসদৰ অধিৱেশন নহয়, তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা অপৰাধমূলক গোচৰৰ ক্ষেত্ৰত আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ দ্বাৰা কেবিনেট মন্ত্ৰী এজনক গ্ৰেপ্তাৰ কৰিব পাৰি । অৱশ্যে, ৰাজ্যসভা(Rajya Sabha)ৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মৰ ধাৰা 22 (ক) অনুসৰি, আৰক্ষী, ন্যায়াধীশ বা দণ্ডাধীশে গ্ৰেপ্তাৰৰ কাৰণ, আটক বা কাৰাবাসৰ স্থানৰ খাতিৰৰ বিষয়ে ৰাজ্যসভাৰ অধ্যক্ষক উপযুক্ত ৰূপত অৱগত কৰিব লাগিব ।

এনে গ্ৰেপ্তাৰৰ ক্ষেত্ৰত ৰাজ্যসভাৰ অধ্যক্ষই অনুসৰণ কৰিব লগা প্ৰক্ৰিয়া :

যদিহে এই গ্ৰেপ্তাৰৰ সন্দৰ্ভত পৰিষদ বহে আৰু সেই লৈ ৰাজ্যসভাৰ অধ্যক্ষ(Chairman of the Rajya Sabha) গৰাকীয়ে পৰিষদক এই গ্ৰেপ্তাৰৰ বিষয়ে অৱগত কৰিব লাগিব । আৰু যদিহে পৰিষদ বহি নাথাকে, তেওঁ সদস্যসকলৰ তথ্যৰ বাবে বুলেটিনত এই কথা প্ৰকাশ কৰিব লাগিব ।

গ্ৰেপ্তাৰৰ বিপৰীতে ৰাজ্যসভাৰ সদস্যসকলৰ বিশেষাধিকাৰ :

সংসদৰ মুখ্য বিশেষাধিকাৰ অনুসৰি, অসামৰিক ক্ষেত্ৰত তেওঁলোকৰ সদন অব্যাহত ৰখাৰ সময়ত আৰু ইয়াৰ আৰম্ভণিৰ 40 দিন আগতে আৰু ইয়াৰ সমাপ্তিৰ 40 দিন পিছত গ্ৰেপ্তাৰ কৰিব নোৱাৰি ৷ অসামৰিক প্ৰক্ৰিয়া বিধিৰ ধাৰা 135 অনুসৰি এই অধিকাৰ ৰাজ্যসভাৰ সাংসদ সকলক দিয়া হৈছে । গ্ৰেপ্তাৰৰ পৰা মুক্তিৰ বিশেষাধিকাৰ ফৌজদাৰী অপৰাধ বা প্ৰতিৰক্ষামূলক গ্ৰেপ্তাৰৰ গোচৰলৈ কেতিয়াও প্ৰসাৰিত নহয় ।

এজন ব্যক্তিক সদনৰ চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত বিশেষ নিয়ম :

অধ্যক্ষৰ আগতীয়া অনুমতি অবিহনে সদনৰ চৌহদৰ ভিতৰত কোনো গ্ৰেপ্তাৰ কৰিব নোৱাৰি ৷ ইয়াৰোপৰি গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়া অনুসৰিহে এই কাৰ্য সম্ভৱ । একেদৰে, সদনৰ অধিৱেশন থাকক বা নাথাকক, দেৱানী গোচৰে(civil case)ই হওঁক বা ফৌজদাৰী গোচৰ(criminal case), কোনো গোচৰত অধ্যক্ষৰ আগতীয়া অনুমতি নোপোৱাকৈ সদনৰ চৌহদৰ ভিতৰত কোনো আইনী ব্যৱস্থা লোৱা সম্ভৱ নহয় ৷

লগতে পঢ়ক : উদ্ধৱ ঠাকৰেক চৰ সোধোৱাৰ কথা কৈ আটক হ’ল কেন্দ্ৰীয় মন্ত্ৰী

Last Updated :Aug 24, 2021, 8:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.