ETV Bharat / bharat

Manipur Violence update: ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ BSF ৰ অতিৰিক্ত সঞ্চালক প্ৰধান সোণালী মিশ্ৰৰ

author img

By

Published : Aug 18, 2023, 8:57 PM IST

Sonali Mishra ADG, BSF ,called on Manipur Governor
ৰাজ্যপাল অনুসূয়া উইকিক সাক্ষাৎ BSF ৰ অতিৰিক্ত সঞ্চালক প্ৰধান সোণালী মিশ্ৰৰ

সীমান্ত সুৰক্ষা বাহিনী (BSF), অতিৰিক্ত সঞ্চালক প্ৰধান সোণালী মিশ্ৰসহ চাৰি জ্যেষ্ঠ বিষয়াই মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীক ইম্ফলৰ ৰাজভৱনত সাক্ষাৎ কৰে ৷

তেজপুৰ, 18 আগষ্ট: শুকুৰবাৰে সীমান্ত সুৰক্ষা বাহিনী (BSF), অতিৰিক্ত সঞ্চালক প্ৰধান সোণালী মিশ্ৰসহ চাৰি জ্যেষ্ঠ বিষয়াই মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকিক ইম্ফলৰ ৰাজভৱনত সাক্ষাৎ কৰে ৷ ADG মিশ্ৰই ৰাজ্যপালগৰাকীক মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে অৱগত কৰি কয় যে, ৰাজ্যখনৰ আইন আৰু শৃংখলা বজাই ৰখাত কোনো বাধা আহিব নোৱাৰাকৈ সম্প্ৰতি মণিপুৰৰ 9 খন জিলাত বিএছএফৰ 51 টা দল মোতায়েন কৰা হৈছে ৷

উপত্যকা আৰু পাহাৰৰ কাষৰ অঞ্চল (বাফাৰ জোন) ইম্ফলত সৰ্বাধিক BSF ৰ দল মোতায়েন কৰা হৈছে ৷ বাফাৰ জোনসনূহত যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে ৷ যদিও, কিছু ক্ষেত্ৰত স্থানীয় লোক অৰ্থাৎ বেছিভাগ স্থানীয় মহিলাই বি এছ এফৰ জোৱানসকলক কৰ্তব্য পালন কৰাত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰি আহিছে ৷

তদুপৰি জোৱানসকলে স্থানীয় জনসাধাৰণৰ সৈতে সুসম্পৰ্ক ৰাখি শান্তি আৰু স্বাভাৱিক পৰিস্থিতি পুনৰ ঘূৰাই আনিবলৈ এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি আহিছে ৷

ইয়াৰোপৰি কিছু নিৰ্দিষ্ট অঞ্চলত নিৰ্দিষ্ট বাহিনী মোতায়েন কৰাৰ প্ৰয়োজনীয়তাৰ সপক্ষে এডিজি মিশ্ৰই লগতে উল্লেখ কৰে যে, এই অঞ্চলসমূহত যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ প্ৰয়োজনীয় পৰিকল্পনা হাতত লোৱা হৈছে ৷

ৰাজ্যপালে বিএছএফৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয়, নিৰাপত্তা বাহিনী জনসাধাৰণক বচাবলৈ/সহায় কৰাৰ অৰ্থে ৷ সেয়েহে এই বাহিনীৰ জোৱানসকলে সকলো দিশত কাম কৰা উচিত ৷ ৰাজ্যখনত কিছুমান সমস্যা থাকিব পাৰে কিন্তু ৰাজ্যিক আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ সৈতে সহযোগিতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে লোকসকলক সজাগ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ৷

ৰাজভৱনত সাক্ষাৎৰ সময়ত নিৰাপত্তা বাহিনীক সহযোগিতা কৰিবলৈ বিভিন্ন মহিলা সংগঠনক আবেদন জনোৱা হৈছে বুলি ৰাজ্যপালগৰাকীয়ে সদৰী কৰে ৷

সাক্ষাতৰ সময়ছোৱাত ৰাজ্যপালগৰাকীয়ে এডিজি মিশ্ৰক ৰাজ্যখনৰ প্ৰান্তীয় অঞ্চলবোৰৰ পৰিস্থিতি মূল্যায়ন কৰিবলৈ নিৰ্দেশনা দিয়ে ৷ প্ৰয়োজন হ’লে লোকসকলক লজিষ্টিক সহায় প্ৰদান কৰিবলৈ নিৰ্দেশনা দিয়ে ৰাজ্যপালগৰাকীয়ে ৷ ৰাজ্যপালগৰাকীয়ে লগতে কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত ৰাজ্যখনত পুনৰ শান্তি আৰু স্বাভাৱিক বাতাবৰণ ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে ৷

তেওঁ নিজেই পাহাৰীয়া আৰু উপত্যকা দুয়ো অঞ্চলত থকা সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ কথা সদৰী কৰে ৷ ৰাজ্যপাল উইকীয়ে প্ৰশাসনক সাহায্য শিবিৰত থকা লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশনা দিয়ে ৷

লগতে পঢ়ক: Protest against Manipur incident: মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে হাফলঙত মম্ জ্বলাই প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.