ETV Bharat / state

Protest against Manipur incident: মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে হাফলঙত মম্ জ্বলাই প্ৰতিবাদ

author img

By

Published : Aug 18, 2023, 12:30 PM IST

ডিমা হাছাও জিলাৰ হাফলঙত 6 টা ছাত্ৰ সংগঠনে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীৰ ৷ ড৹ ভীমৰাও আম্বেদকাৰৰ মূৰ্তিৰ সমুখত সহস্ৰাধিক লোক একত্ৰিত হৈ মম্ জ্বলাই মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

Protest against Manipur incident
মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে হাফলঙত কেণ্ডেল জ্বলাই প্ৰতিবাদ

মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে হাফলঙত কেণ্ডেল জ্বলাই প্ৰতিবাদ

হাফলং, 18 আগষ্ট: গোষ্ঠীসংঘৰ্ষত জৰ্জৰিত মণিপুৰত দীৰ্ঘদিনৰ পৰা চলি অহা হিংসাত্মক ঘটনা লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ 17 আগষ্ট বৃহস্পতিবাৰে ডিমা হাছাও জিলাত মণিপুৰত সংঘটিত ঘটনাৰ প্ৰতিবাদ জনায় গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ বৃহস্পতিবাৰৰ নিশা হাফলঙত মাৰ বেইতে কুকি ৰাংখল মিজো ইণ্ডিজিনিয়াচ ষ্টুডেন্টস ফ’ৰাম এই 6 টা ছাত্ৰ সংগঠনৰ যুটীয়া উদ্যোগত হাফলং চহৰত মম্ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

বৃহস্পতিবাৰৰ নিশা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সন্মুখত ড৹ ভীমৰাও আম্বেদকাৰৰ মূৰ্তিৰ সমুখত সহস্ৰাধিক লোক জমা হৈ মম্ জ্বলাই মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে । মণিপুৰত বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ ওপৰত চলা অমানৱিক অত্যাচাৰ আৰু মহিলা-শিশুসকলৰ ওপৰত হোৱা আক্ৰমণ আৰু ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত হোৱাৰ বিৰুদ্ধে সকলোৱে একেমুখে ধিক্কাৰ দিছে ছাত্ৰ সংগঠনকেইটাই ।

এই হিংসা ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যর্থ হোৱা বুলিও কয় ছাত্ৰ সংগঠনকেইটাই । ডিমা হাছাও জিলাৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ছাত্ৰ সংগঠনৰ লগতে বিভিন্ন মহিলা সংগঠনে । লগতে, হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ছাত্ৰ সংগঠনসমূহে মণিপুৰত শান্তি স্থাপন আৰু ন্যায় প্ৰতিষ্ঠাৰ বাবে দাবী জনায় প্ৰধানমন্ত্ৰীৰ ওচৰত ।

উল্লেখ কৰা প্ৰয়োজন যে, গোষ্ঠী সংঘৰ্ষৰ দাবানলত বিগত 4 মে’ৰ দিনা মণিপুৰত সংঘটিত হোৱা বৰ্বৰোচিত ঘটনাৰ ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিচতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিষয়টোৱে লাভ কৰে বিশেষ চৰ্চা ৷ লগতে সৃষ্টি হয় এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক : Lobby politics in BJP: একালত আছিল ৰাজ্যিক বিজেপিৰ মেৰুদণ্ড; আজি দলত নাই গুৰুত্ব; বিজেপি এৰিব ৰাজেন গোঁহায়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.