ETV Bharat / bharat

7 year old girl brutally raped : চুবুৰীয়া পিতা-পুত্ৰৰ ধৰ্ষণৰ বলি ৭ বছৰীয়া কিশোৰী

author img

By

Published : Aug 12, 2023, 7:49 PM IST

পিতা-পুত্ৰই নৃশংসভাৱে ধৰ্ষণ কৰিলে ৭ বছৰীয়া কিশোৰীক । প্ৰথমে পিতৃ আৰু পাছত পুত্ৰৰ ধৰ্ষণৰ বলি কিশোৰী গুৰুতৰভাৱে আহত । অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ।

7 year old girl brutally raped
চুবুৰীয়া পিতা-পুত্ৰৰ ধৰ্ষণৰ বলি ৭ বছৰীয়া কিশোৰী

নেশ্যনেল ডেস্ক,১২ আগষ্ট : দেশত প্ৰায় প্ৰতিদিনে কিশোৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনা সংঘটিত হোৱা দেখা গৈছে । তেলেংগানাৰো বিভিন্ন প্ৰান্তত এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । এইবাৰ ধৰ্ষণৰ বলি হ'ল ৭ বছৰীয়া এগৰাকী কিশোৰী । চুবুৰীয়া পিতা-পুত্ৰৰ কামনাৰ বলি হৈ গুৰুতৰভাৱে আহত কিশোৰী । ঘটনাটো পোহৰলৈ অহাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে ভুক্তভোগী কিশোৰীগৰাকীয়ে অভিযুক্তক 'খুড়া' বুলি সম্বোধন কৰিছিল । কিন্তু সেইগৰাকী খুড়াকৰ মনত যে এইধৰণৰ লেতেৰা অভিপ্ৰায় আছিল সেয়া কিশোৰীগৰাকীৰ লগতে তেওঁ পৰিয়ালে বিশ্বাস কৰিব পৰা নাই ।

পেটবশ্বাচাৰাবাদ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত এই জঘন্য ঘটনাটো সংঘটিত হৈছে । চিআই জি প্ৰশান্তে দিয়া তথ্য অনুসৰি অভিযুক্ত শিৱকুমাৰৰ পৰিয়ালটো শেহতীয়াকৈ কৰ্ণাটকৰ পৰা আহিছিল আৰু তাত বাস কৰি আছিল । তেওঁৰ পত্নী বিশেষভাৱে সক্ষম আছিল। পত্নীয়ে অলপতে ঘৰলৈ গৈছিল । শিৱকুমাৰ আৰু পুত্ৰ চিয়ামেল ঘৰত আছিল । তেওঁলোকে চহৰখনৰে এটা প্ৰতিষ্ঠানত কাম কৰি আছিল । কিশোৰীগৰাকীৰ পৰিয়ালটো তেওঁলোকৰ ঘৰৰ ওচৰতে আছিল । কিশোৰীগৰাকীয়ে অভিযুক্ত শিৱকুমাৰক 'খুড়া' বুলি সম্বোধন কৰিছিল ।

বৃহস্পতিবাৰে কিশোৰীগৰাকী পিতৃ-মাতৃয়ে ওচৰতে কামৰ বাবে ওলাই গৈছিল । কিশোৰীগৰাকী ভাতৃৰ সৈতে ঘৰতে আছিল । তেতিয়াই শিৱকুমাৰে কিশোৰীগৰাকীক মোবাইল ফোন আৰু চিঙৰাৰ প্ৰলোভন দি ঘৰলৈ মাতিছিল । কিশোৰীগৰাকীক সেই সময়তে ধৰ্ষণ কৰে আৰু তেওঁ ঘৰৰ পৰা ওলাই যায় । তাৰ কিছু সময় পাছত শিৱকুমাৰৰ পুত্ৰ ঘৰলৈ আহে আৰু কিশোৰীগৰাকীক পুনৰ ধৰ্ষণ কৰে । কিশোৰীগৰাকীৰ প্ৰচুৰ ৰক্তক্ষৰণ হয় । ভয়তে কান্দি কান্দি কিশোৰীগৰাকী ঘৰলৈ আহে । পিতৃ-মাতৃ ঘৰলৈ অহাত কিশোৰীগৰাকীয়ে সকলো কথা বিৱৰি কয় ।

লগে লগে কিশোৰীগৰাকীক চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয় । কিন্তু চিকিৎসকে চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰাত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালটো আৰক্ষীৰ কাষ চাপে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে আৰু ভুক্তভোগী কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে আৰক্ষীয়ে অভিযুক্ত কেইজনকো আটক কৰিছে আৰু জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Minor rape case : ঘৰুৱা শিক্ষকৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণৰ অভিযোগ, ধুবুৰী আৰক্ষীৰ জালত অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.