ETV Bharat / state

Minor rape case : ঘৰুৱা শিক্ষকৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণৰ অভিযোগ, ধুবুৰী আৰক্ষীৰ জালত অভিযুক্ত

author img

By

Published : Aug 12, 2023, 12:35 PM IST

rape case in Dhubri
ধুবুৰীত গ্ৰেপ্তাৰ আৰবী শিক্ষক

ধুবুৰীত গ্ৰেপ্তাৰ আৰবী শিক্ষক । এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে শিক্ষকগৰাকীৰ বিৰুদ্ধে ।

ধুবুৰী, 12 আগষ্ট: অৱশেষত ধুবুৰী আৰক্ষীৰ জালত পৰিল নাবালিকা ধৰ্ষণ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা আছিফ শেখ ওৰফে দিপু । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আছিফ শেখ ওৰফে দিপু নামৰ অভিযুক্তজন এগৰাকী আৰবী শিক্ষক ৷ আৰবী শিক্ষকগৰাকীয়ে নাবালিকাৰ সৈতে অসৎ কামনা চৰিত্ৰাৰ্থ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ আনকি ইয়াৰ ফলত নাবালিকাগৰাকী অন্তঃসত্ত্বা হৈছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ।

ধুবুৰীৰ এ এম কোঃ বজাৰ আৰক্ষী চকী এলেকাৰ এখন গাঁওত সংঘটিত হৈছে এই জঘন্য ঘটনাটো । শিক্ষকগৰাকীৰ কামনাৰ বলি হোৱা 12 বছৰীয়া নাবালিকাগৰাকী ঘাট-মাউৰা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । অভিযোগ অনুসৰি, নিজ ঘৰতেই আৰবী শিক্ষা প্ৰদানৰ বাবে নিজৰ ঘৰলৈ মাতি আনি প্ৰায় 2 মাহ ধৰি শিক্ষকগৰাকীয়ে চলাইছিল এই দুষ্কর্ম । ঘটনাটো পোহৰলৈ অহাৰ পিছতেই পলাতক অৱস্থাত আছিল হাফিজ আছিফ শেখ ওৰফে দিপু ।

এগৰাকী ঘাট-মাউৰা নাবালিকাৰ সৈতে এজন আৰবী শিক্ষকে এনে দুষ্কাৰ্য সংঘটিত কৰাৰ পিছতেই সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । তোলনীয়া পিতৃ মাতৃয়ে ঘটনা সংক্ৰান্তত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 310/23 নম্বৰৰ অধীনত গোচৰ ৰুজু কৰিছে । ঘটনাটো পোহৰলৈ অহাৰ পিছৰে পৰাই ঘৰ এৰি অজ্ঞাত স্থানত আত্মগোপন কৰি আছিল বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ঘৰুৱা শিক্ষকজন ।

অৱশ্যে শুকুৰবাৰৰ পুৱাৰ ভাগত ধুবুৰী জিলাৰ গৌৰীপুৰৰ বেগুণতলী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত আৰবী শিক্ষক আছিফক । উল্লেখ্য যে, গাঁওখনৰ স্থানীয় একাংশ শিশু নাবালিকাক নিজ ঘৰতেই আৰবী শিক্ষা দি আহিছিল হাফিজ আছিফ শেখ ওৰফে দিপু নামৰ শিক্ষকজনে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : Kidnapped in Rangia: ৰঙিয়াত বিশেষভাৱে সক্ষম কিশোৰীক অপহৰণ, অব্যাহত আৰক্ষীৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.