ETV Bharat / state

Kidnapped in Rangia: ৰঙিয়াত বিশেষভাৱে সক্ষম কিশোৰীক অপহৰণ, অব্যাহত আৰক্ষীৰ তদন্ত

author img

By

Published : Aug 12, 2023, 7:16 AM IST

ৰঙিয়াৰ উদিয়ানাত শুকুৰবাৰে দিন দুপৰতে এগৰাকী বিশেষভাৱে সক্ষম কিশোৰীক অপহৰণ কৰাৰ এক ঘটনা সংঘটিত হয় ৷ মামনি দাস নামৰ এগৰাকী লোকৰ বিৰুদ্ধে পৰিয়ালে তুলিছে অভিযোগৰ আঙুলি ৷

kidnapped case in Rangia
ৰঙিয়াত অপহৰণৰ ঘটনা

ভুক্তভোগী পৰিয়ালটো

ৰঙিয়া, 12 আগষ্ট: ৰঙিয়াৰ উদিয়ানাত চাঞ্চল্যকৰ ঘটনা ৷ শুকুৰবাৰে দিন-দুপৰতে এগৰাকী বিশেষভাৱে সক্ষম কিশোৰীক অপহৰণ কৰাৰ এক ঘটনা সংঘটিত হয় ৰঙিয়াৰ উদিয়ানাত । কিশোৰীগৰাকী হৈছে উদিয়ানাৰ দিলোৱাৰ হুছেইন আৰু মজিদা বেগমৰ কন্যা জেছমিন চুলতানা (17) ।জানিব পৰা মতে, দিব্যাংগ কিশোৰীগৰাকীৰ মাতৃ মজিদা বেগমে এটি গোচৰত প্ৰায় এবছৰ পূৰ্বে কাৰাবাস খাটিবলগীয়া হৈছিল । সেই সময়তে কাৰাগাৰৰ ভিতৰত লগ পাইছিল বৰপেটাৰ মামনি দাসক ।

উক্ত চিনাকি সূত্ৰে শুকুৰবাৰে মামনি দাসে মজিদা বেগমৰ ঘৰ বিচাৰি উদিয়ানালৈ আহিছিল । কিন্তু সেইখিনি সময়ত ঘৰত মাক নথকাৰ সুযোগ বুজি মামনি দাসে বিশেষভাৱে সক্ষম কিশোৰীগৰাকীক চলাহি কথা কৈ অপহৰণ কৰি লৈ যায় বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে । পৰিয়ালবৰ্গই জানিবলৈ দিয়া অনুসৰি কিশোৰীগৰাকীৰ পিতৃৰ আগত সোনকালে উভতি আহিম বুলি কৈ মামণি দাসে কিশোৰীগৰাকীক ঘৰৰ পৰা লৈ যায় । কিন্তু প্ৰায় এঘণ্টা সময় ধৰি কিশোৰীগৰাকী ওভতি নহাত পৰিয়ালবৰ্গই কিশোৰীগৰাকীৰ বিচাৰিবলৈ আৰম্ভ কৰে ।

তেতিয়া ওচৰ চুবুৰীয়া লোকে পৰিয়ালটোক কিশোৰী গৰাকী মামণি দাসৰ লগত কিছুসময় পূৰ্বে দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰাৰ লগতে কিশোৰীগৰাকী কান্দি কান্দি মামণি দাসৰ লগত ই-ৰিক্সাত যোৱা প্ৰত‍্যক্ষ কৰিছে বুলি জানিবলৈ দিয়ে । পৰিয়ালবৰ্গই জানিবলৈ দিয়া অনুসৰি উক্ত সময়ত অপহৰণকাৰী মহিলাগৰাকীৰ কোলাত আন এটা শিশু আছিল । উল্লেখ্য যে, এবছৰ পূৰ্বেও এই মামনি দাসে আন এগৰাকী 9 বছৰীয়া কিশোৰীক অপহৰণ কৰিছিল । তাৰ পিছত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত যোৱা দলে কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । লগতে মামনি দাসক জেল হাজোতলৈ প্ৰেৰণ কৰিছিল বুলি জানিবলৈ দিয়ে পৰিয়ালটোৱে ।

আনহাতে শুক্ৰবাৰে অপহৃত কিশোৰীগৰাকীৰ অভিভাৱকে নিজ সন্তানৰ কোনো শুংসূত্ৰ নাপাই ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বৰ্তমান পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই কিশোৰীগৰাকীৰ কোনো শুং সূত্ৰ ।

লগতে পঢ়ক : Bagane Bagane Congress Campaign : উজনিৰ চাহ বাগিচাত হেৰুওৱা ভেটি উদ্ধাৰ অভিযানত নামিব প্ৰদেশ কংগ্ৰেছ; 27 আগষ্টৰ পৰা আৰম্ভ হ'ব অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.