ETV Bharat / bharat

Raid in Club: গুৰুগ্ৰামত 288 গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

author img

By

Published : Jan 29, 2023, 12:47 PM IST

হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন পাব বাৰত ড্ৰাগছ বিৰোধী অভিযানত আটক ২৮৮ জন লোক ৷ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত (288 people detained for consuming drugs) ৷

Anti drugs mission in Gurugram
হাৰিয়ানাৰ এখন বাৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী : দেশজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ এইবাৰ হাৰিয়ানাৰ গুৰুগ্ৰামত আৰম্ভ হৈছে ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছৰ সন্দেহত গুৰুগ্ৰামৰ এখন পাব বাৰত আৰক্ষীয়ে নিশাৰ ভাগত অভিযান চলায় ৷ অভিযানৰ অন্তত ২৮৮ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় বুলি হাৰিয়ানা আৰক্ষীয়ে শনিবাৰে জানিবলৈ দিয়ে ।

ড্ৰাগছ সেৱনৰ সন্দেহত গোচৰ ৰুজু কৰা ২৮৮ জন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে বুলিও গুৰুগ্ৰামৰ সহকাৰী আৰক্ষী আয়ুক্তই জানিবলৈ দিয়ে (288 people detained for consuming drugs) । গোপন সূত্ৰৰ ভিত্তিত উদ্যোগ নগৰৰ কাছা ডাঞ্জা ক্লাবত আৰক্ষীয়ে অভিযান চলাইছিল ৷ আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত চৰাচ, গাঞ্জা, এম ডি এম এ, হেৰ'ইনকে ধৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় পাব বাৰখনৰ পৰা (Raid against Gurugram club over drug use) ৷

অপৰাধ বিভাগৰ সহকাৰী আৰক্ষী আয়ুক্ত উদ্যোগ বিহাৰে অভিযানৰ কালচোৱাত ১০.৬৭ গ্ৰাম হাছিছ, ৬.৩০ গ্ৰাম গাঞ্জা চিগাৰেট, ৬.৩০ গ্ৰাম হেৰ'ইন, ৬.৩০ গ্ৰাম কোকেইন, ৩.৬৭ গ্ৰাম এম ডি এম এ আৰু কিছু আপত্তিজনক টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি উল্লেখ কৰে ৷ কাছা ডাঞ্জা ক্লাবটোৰ তিনিগৰাকী মালিক আৰু তিনিগৰাকী মেনেজাৰৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ আৰক্ষীৰ অনুসন্ধানকাৰী দলটোৱে বিগত দুমাহ ধৰি কাছা ডাঞ্জা ক্লাবৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি আহিছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ (Anti drugs mission in Gurugram)৷

অনুসন্ধানকাৰী দলটোৱে একাধিকবাৰ অপৰাধ শাখাত কাছা ডাঞ্জা ক্লাবৰ ভিতৰত চলা কাৰ্যকলাপ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰি আহিছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । উক্ত প্ৰতিবেদনৰ ভিত্তিত অপৰাধ বিভাগৰ সহকাৰী আৰক্ষী আয়ুক্ত, সহকাৰী আৰক্ষী আয়ুক্ত উদ্যোগ বিহাৰ, পূৱ মণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্তৰ লগতে ক্ৰাইম ব্ৰাঞ্চৰ চাৰিটাকৈ দলে যুটিয়াভাৱে শনিবাৰে নিশা 2 বজাত এই অভিযান চলায় (288 people detained from Gurugram club) ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ আগষ্ট মাহত কাছা ডাঞ্জা ক্লাবৰ ভিতৰত সংঘটিত হৈছিল এক নাৰীজনিত অপৰাধ ৷ ইয়াৰ পাচতেই ক্লাবটোৰ বিৰুদ্ধে বিতৰ্কৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছিল ৷ এজন বাউন্সাৰে উদ্যোগ নগৰৰ কাছা ডাঞ্জা ক্লাবৰ ভিতৰত এগৰাকী ছোৱালীক নিৰ্যাতন চলোৱাৰ লগতে তেওঁৰ বন্ধুক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

পৰীক্ষাৰ বাবে ২৮৮ গৰাকী লোকৰ তেজৰ নমুনাৰ ৰিপ’ট অহাৰ পাচতেই ডাঞ্জা ক্লাবৰ ঘটনাটো সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, Narcotic Drugs and Psychotropic Substances আইনৰ অধীনত 21, 22, 25, 27, 29 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ২৮৮ জন লোকৰ বিৰুদ্ধে (FIR against 288 people in anti drugs mission) ৷

লগতে পঢ়ক : Morigaon Book fair 2023 : কুৰিখন গ্ৰন্থ উন্মোচনেৰে সামৰণি পৰিল মৰিগাঁও গ্ৰন্থমেলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.