ETV Bharat / bharat

তামিলনাডুৰ পৰম্পৰাগত জাল্লিকাট্টু উৎসৱত ২ জনৰ মৃত্যু, ৪০ৰো অধিক আহত

author img

By ANI

Published : Jan 18, 2024, 12:04 PM IST

প্ৰতিবছৰে পোংগল উদযাপনৰ অংশ হিচাপে তামিলনাডুত জাল্লিকাট্টু বা ষাঁড় গৰু যুঁজ অনুষ্ঠিত হয় (Jallikattu event)। শিৱগঙ্গাত আয়োজিত এই জাল্লিকাট্টুত ২ জন দৰ্শকৰ মৃত্যু হৈছে ।

Jallikattu event in Sivaganga
তামিলনাডুৰ পৰম্পৰাগত জাল্লিকাট্টু উৎসৱত ২ জনৰ মৃত্যু

নেশ্যনেল ডেস্ক,১৮ জানুৱাৰী : তামিলনাডুৰ পৰম্পৰাগত ষাঁড় গৰু যুঁজ বা জাল্লিকাট্টু উৎসৱত শোকাৱহ ঘটনা । সোমবাৰে শিৱগঙ্গাত চিৰাভায়াল মঞ্জুবিৰাট্টু (জাল্লিকাট্টু) অনুষ্ঠানত দুগৰাকী দৰ্শকে প্ৰাণ হেৰুৱায় । আনহাতে এই অনুষ্ঠানত প্ৰায় ৪০ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । শিৱগঙ্গাৰ আৰক্ষী অধীক্ষকে ইতিমধ্যে ঘটনাটোৰ কথা নিশ্চিত কৰিছে ৷

উল্লেখ্য যে জাল্লিকাট্টু হৈছে পোংগল উদযাপনৰ অংশ হিচাপে তামিলনাডু ৰাজ্যত উদযাপন কৰা এক পুৰণি অনুষ্ঠান । এই পৰম্পৰাগত খেলখনত এটা ষাঁড় গৰুক মানুহৰ ভিৰৰ মাজত এৰি দিয়া হয় আৰু অনুষ্ঠানটোত অংশগ্ৰহণকাৰীসকলে ষাঁড়টোৰ পিঠিত ধৰিবলৈ চেষ্টা কৰে আৰু ষাঁড়টোক আৱদ্ধ কৰিবলৈ চেষ্টা কৰে ।

ইফালে ষাঁড় গৰুটো আৰু অংশগ্ৰহণকাৰীৰ আঘাতৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি পশু অধিকাৰ সংগঠনবোৰে খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনাইছিল । অৱশ্যে, নিষেধাজ্ঞাৰ বিৰুদ্ধে জনসাধাৰণৰ দীঘলীয়া প্ৰতিবাদৰ অন্তত উচ্চতম ন্যায়ালয়ে ২০২৩ চনৰ মে' মাহত তামিলনাডু চৰকাৰৰ আইনক বজাই ৰাখিছিল আৰু ৰাজ্যখনত ষাঁড় গৰু যুঁজ বা 'জাল্লিকাট্টু' অনুষ্ঠিত কৰিবলৈ অনুমতি দিছিল ।

ন্যায়াধীশ কে এম জোছেফ, অজয় ৰাস্তোগী, অনিৰুদ্ধ বসু, হৃষিকেশ ৰয় আৰু চিটি ৰবিকুমাৰৰ ৫ জনীয়া সংবিধান বিচাৰপীঠে তামিলনাডু আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ আইনক প্ৰত্যাহ্বান জনোৱা এক গোটৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি জাল্লিকাট্টু আৰু গৰুগাড়ী খেলৰ অনুমতি দিছিল । তামিলনাডু চৰকাৰে 'জাল্লিকাট্টু'ৰ প্ৰতি সমৰ্থন দেখুৱাইছিল আৰু শীৰ্ষ আদালতক কৈছিল যে ক্ৰীড়া অনুষ্ঠানবোৰ সাংস্কৃতিক অনুষ্ঠানো হ'ব পাৰে আৰু জাল্লিকাট্টুত ষাঁড়ৰ ওপৰত কোনো নিষ্ঠুৰতা নাই ।

জাল্লিকাট্টু মাট্টু পোংগল উৎসৱৰ তৃতীয় দিনা উদযাপন কৰা হয় । এই ষাঁড় গৰু যুঁজৰ ইতিহাস খ্ৰীষ্টপূৰ্ব ৪০০-১০০ ৰ পৰা আৰম্ভ হৈছিল যেতিয়া ইয়াক ভাৰতৰ এক জাতিগত গোট আয়াৰসকলে খেলিছিল । এই নামটো দুটা শব্দৰ পৰা আহিছে জাল্লি (ৰূপ আৰু সোণৰ মুদ্ৰা) আৰু কাট্টু (বান্ধি থোৱা) । পুলিকুলাম বা কাঙ্গায়াম হৈছে খেলৰ বাবে ব্যৱহৃত ষাঁড়টোৰ প্ৰজাতি । উৎসৱত জয়ী হোৱা ষাঁড় গৰুবোৰৰ বজাৰত যথেষ্ট চাহিদা আছে আৰু এইবোৰে সৰ্বাধিক মূল্য লাভ কৰে । এইবোৰক প্ৰজননৰ বাবেও ব্যৱহাৰ কৰা হয় ।

লগতে পঢ়ক :অযোধ্য়াত বোমা বিস্ফোৰণৰ ভাবুকি, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.