ETV Bharat / bharat

অযোধ্য়াত বোমা বিস্ফোৰণৰ ভাবুকি, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 8:24 AM IST

Ayodhya Ram Mandir: অযোধ্যাৰ লতা মংগেশকাৰ চকত সন্ত্ৰাসবাদীৰ কূটাঘাটমূলক কাৰ্যৰ আশংকা ৷ ফলত শেহতীয়াকৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ কমাণ্ডো নিয়োজিত কৰিছে প্ৰশাসনে ৷

Ayodhya Ram Mandir
অযোধ্য়াত বোমা বিস্ফোৰণৰ ভাবুকি, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

নেশ্যনেল ডেস্ক, 18 জানুৱাৰী : অহা 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পূৰ্বে বোমা বিস্ফোৰণৰ ভাবুকি ৷ এই ভাবুকিৰ পিচতে অযোধ্যাৰ লতা মংগেশকাৰ চকত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে ৷ যোৱা 4 জানুৱাৰীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, এছ টি এফৰ মুৰব্বী অমিতাভ যশক অযোধ্যাৰ ৰাম মন্দিৰত বোমা বিস্ফোৰণ কৰাৰ ভাবুকি প্ৰদান কৰিছিল ৷ তাৰ পিচতে এছ টি এফৰ এটা দলে দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল ৷

ইফালে সমাগত 26 জানুৱাৰী ৷ ফলত 22 জানুৱাৰীত হ’বলগীয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান আৰু 26 জানুৱাৰী, গণতন্ত্ৰ দিৱসৰ পৰিপ্ৰেক্ষিতত মৈনপুৰী চহৰতো নিৰাপত্তা বৃদ্ধি কৰা হৈছে ৷ মানৱ বুদ্ধিমত্তা আৰু এ আই প্ৰযুক্তিৰ উপৰিও 10,000 চিচিটিভি কেমেৰাৰ সৈতে চহৰখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ ইয়াৰ উপৰিও, মন্দিৰৰ 4.5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এটা সুৰক্ষা গম্বুজ নিৰ্মাণ কৰা হৈছে ৷ এই গম্বুজটোৱে যিকোনো সন্দেহজনক বস্তুক বাধা দিয়ে ।

যিকোনো সাম্ভাব্য অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ এটা বিশেষ চোৰাংচোৱা কোষ গঠন কৰা হৈছে । উত্তৰ প্ৰদেশ-নেপাল সীমান্তৰ অশান্ত অঞ্চলসমূহত আৰক্ষীৰ টহলদাৰী গোট মোতায়েন কৰা হৈছে ৷ লগত সমগ্ৰ অযোধ্য়াত ড্ৰোনৰ উপৰিও, কঠোৰ নিৰাপত্তা ব্যৱস্থা, সশস্ত্ৰ ইউপি এটিএছ কমাণ্ডো আৰু 10,000 তকৈও অধিক উত্তৰ প্ৰদেশ আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে ।

উত্তৰ প্ৰদেশ আৰক্ষীৰ সূত্ৰ অনুসৰি, আধুনিক অস্ত্ৰ-শস্ত্ৰৰ উপৰিও অযোধ্যাত নিৰাপত্তাৰ বাবে 100 তকৈও অধিক উপ আৰক্ষী অধীক্ষক, 325 জন আৰক্ষী পৰিদৰ্শক আৰু 800 আৰক্ষী উপ পৰিদৰ্শক মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও চহৰখনত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ 10,000 জোৱান মোতায়েন কৰা হ'ব বুলি সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত দুগৰাকী আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.