ETV Bharat / bharat

মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত নিহত দুগৰাকী আৰক্ষী জোৱান

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 10:45 PM IST

Militants kill two policemen: মণিপুৰত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘাতত প্ৰাণ হেৰুৱালে দুগৰাকী জোৱানে ৷ আহত আন দুগৰাকী জোৱান ৷

Manipur violence
Militants kill two policemen

নিউজ ডেস্ক, 17 জানুৱাৰী: মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত থকা ব্যৱসায়িক চহৰ ম’ৰেত সংঘটিত এক আক্ৰমণৰ ঘটনাত দুগৰাকী মণিপুৰ আৰক্ষীৰ কমাণ্ডো নিহত হোৱাৰ উপৰিও আহত হৈছে দুগৰাকী কমাণ্ডো ৷ অস্ত্ৰৰে সুসজ্জিত উগ্ৰপন্থী দলে আক্ৰমণ চলাই তেওঁলোকৰ ওপৰত ৷ নিহত কামাণ্ডো দুগৰাকী হৈছে পশ্চিম ইম্ফল জিলাৰ লামছাঙৰ ৱাংখেম সমৰজিৎ আৰু তাখেলাম্বাম শৈলেশ্বৰ ৷

সূত্ৰই প্ৰকাশ কৰা মতে ইমা কংদং লেইৰেম্বি দেৱীৰ মন্দিৰৰ সমীপত বুধবাৰে পুৱা সংঘটিত এক এম্বুশ্বত আহত হৈছিল সমৰজিৎ ৷ অসম ৰাইফলছৰ কী লোকেশ্যন পইন্টত (KLP) চিকিৎসাধীন হৈ থকা অৱস্থাতে বিয়লি সমৰজিতৰ মৃত্যু ঘটে ৷ শৈলেশ্বৰক উগ্ৰপন্থীয়ে বিয়লিৰ ভাগত গুলীয়াই হত্যা কৰে ৷

কনিষ্টবল এন ভীমৰ বাওঁ ভৰিত গুলী লগাৰ বিপৰীতে সহকাৰী উপ-পৰিদৰ্শক সিদ্ধাৰ্থ থকচমো এই আক্ৰমণৰ ঘটনাত আঘাতপ্ৰাপ্ত হৈছে ৷ তেওঁলোকক ম’ৰেৰ পৰা বিমানযোগে ইম্ফলৰ ৰিমছ হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে ৷

এক বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ম’ৰেৰ এছ বি আইৰ সমীপত থকা আৰক্ষীৰ এটা গোটক উদ্দেশ্যি উগ্ৰপন্থীয়ে ৰকেট-প্ৰপেলড গ্ৰেণেড নিক্ষেপ কৰে ৷ তাৰ পিচতেই দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয় ৷ ভাৰত ম্যানমাৰ সীমান্তৰ চিকিম গাঁও আৰু ম’ৰে চহৰৰ 7 নং ৱাৰ্ডত শেহতীয়াকৈ ধাৰাবাহিকভাৱে এনে আক্ৰমণৰ ঘটনা সংঘটিত হৈ আছে ৷

উগ্ৰপন্থীয়ে অস্থায়ী কমাণ্ডো প’ষ্টত আৰ পি জি গোলাও নিক্ষেপ কৰি সমীপত ৰখাই থোৱা কেইবাখনো বাহনৰ ক্ষতিসাধন কৰে । ইফালে পশ্চিম ইম্ফল জিলাৰ মালমৰ পৰা বৃহৎ সংখ্যক মহিলাই আৰক্ষীৰ হত্যাকাণ্ডৰ প্ৰতিবাদত বিমানবন্দৰলৈ যোৱা পথ অৱৰোধ কৰে । সমৰজিতৰ হত্যাকাণ্ডৰ সন্দৰ্ভত গঠিত যুটীয়া সমিতিৰ মুখপাত্ৰ এল প্ৰেমচান্দে সাংবাদিকৰ আগত কয় যে “দোষীক গ্ৰেপ্তাৰ কৰি ন্যায় প্ৰদান নকৰালৈকে মৃত আৰক্ষী জোৱানজনৰ মৃতদেহ পৰিয়ালৰ সদস্যই গ্ৰহণ নকৰাৰ হুংকাৰ দিছে ।’’

লগতে পঢ়ক: মণিপুৰৰ ম'ৰেত নিৰাপত্তাৰক্ষীৰে উগ্ৰপন্থীৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.