ETV Bharat / bharat

Tripura Education Minister : ত্ৰিপুৰাৰ ৩৬ খন বিদ্যালয়ত চাকমা ভাষাত শিক্ষা

author img

By

Published : Oct 20, 2022, 7:19 PM IST

আজি সন্ধিয়া ত্ৰিপুৰা বিধানসভা সচিবালয়ত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী নাথে কয় যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্ৰী আঁচনিৰ অধীনত ৰাজ্যজুৰি ১৫৬ খন বিদ্যালয়ক আদৰ্শ বিদ্যালয় (model schools under PM Shri scheme) হিচাপে চিনাক্ত কৰা হ'ব (156 schools for PM Shri scheme in Tripura) ।

Tripura
Tripura

আগৰতলা, ২০ অক্টোবৰ : ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে (Tripura Education Minister Ratan Lal Nath) বৃহস্পতিবাৰে কয় যে কেন্দ্ৰীয় চৰকাৰৰ পিএম শ্ৰী আঁচনিৰ অধীনত ৰাজ্যজুৰি কমেও ১৫৬ খন বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাপে চিনাক্ত কৰা হ'ব (PM Shri scheme of central government) ।

আজি সন্ধিয়া ত্ৰিপুৰা বিধানসভা সচিবালয়ত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী নাথে কয় যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্ৰী আঁচনিৰ অধীনত ৰাজ্যজুৰি ১৫৬ খন বিদ্যালয়ক আদৰ্শ বিদ্যালয় (model schools under PM Shri scheme) হিচাপে চিনাক্ত কৰা হ'ব (156 schools for PM Shri scheme in Tripura) ।

"এই প্ৰকল্পটোত ৰাজ্যখনৰ ৫৮ টা খণ্ড আৰু ২০ খন নগৰীয়া স্থানীয় সংস্থাৰ দুখনকৈ বিদ্যালয় চিনাক্ত কৰা হ'ব । এই প্ৰকল্প ৰূপায়ণৰ বাবে কেন্দ্ৰীয় বাজেট হৈছে ২৭ হাজাৰ ৩৬০ কোটি । এই প্ৰকল্পটোত সমগ্ৰ দেশৰ পৰা মুঠ ১৪,৫০০ খন বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাপে বাছনি কৰা হ'ব (14500 schools of India under PM Shri scheme) ।" মন্ত্ৰী ৰতন লাল নাথে কয় ।

শিক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অতিশীঘ্ৰেই ৰাজ্যখনত এই বিদ্যালয়সমূহৰ চিনাক্তকৰণ সম্পূৰ্ণ হ'ব আৰু এই প্ৰকল্প ৰূপায়ণে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ মানদণ্ডৰ লগতে শিক্ষাৰ পৰিৱেশৰ মানদণ্ড বৃদ্ধি কৰিব বুলি আশা ব্যক্ত কৰে ।

আনহাতে, সংবাদমেলত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ আৰু ৩৬ খন বিদ্যালয়ত চাকমা ভাষা প্ৰৱৰ্তন কৰা হ'ব (Chakma language will introduce in Tripura schools) । "এইকেইখনৰ ভিতৰত 2 খন মাধ্যমিক বিদ্যালয়, 2 খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, 6 খন প্ৰাথমিক বিদ্যালয় আৰু 26 খন নিম্ন প্ৰাথমিক বিদ্যালয় হ'ব । আগতে ৮৭ খন বিদ্যালয়ত শিকিবলৈ চাকমা ভাষা ব্যৱহাৰ কৰা হৈছিল । এতিয়া ইয়াক আৰু ৩৬ খন বিদ্যালয়ত আৰম্ভ কৰা হ'ব ।" ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে এনেদৰে কয় ।

লগতে পঢ়ক :Centre awarded Tripura: PMAY Urban প্ৰকল্পৰ দ্ৰুত ৰূপায়ণৰ বাবে ত্ৰিপুৰাক পুৰস্কৃত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.