পিষ্টল দেখুৱাই যুৱকক গুলীয়াই দিয়াৰ ভাবুকি - Threatened to shoot

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 9:37 PM IST

thumbnail

গুৱাহাটী,১৭ এপ্ৰিল: নিশা মহানগৰীত চাঞ্চল্যকৰ ঘটনা । পিষ্টল দেখুৱাই যুৱকক গুলীয়াই দিয়াৰ ভাবুকি । গুৱাহাটীৰ কমাৰ্ছ পইণ্টত এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে জনৈক কৃষ্ণানু শৰ্মা তথা তেওঁৰ গেঙৰ বিৰুদ্ধে । ব্লেকমেইলিং কৰি ধন দাবী কৰিছিল কৃষ্ণানু শৰ্মাই । দাবী কৰা ধন দিয়াৰ পিচত কৃষ্ণানু শৰ্মাই ওভোতাই দিছিল ধনখিনি । ধনখিনি ওভোতাই দিয়াৰ পিচতেই পিষ্টল লৈ কৃষ্ণানু শৰ্মাই ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে পাৰ্ভিছ আলী নামৰ যুৱকজনে । উল্লেখ্য যে এটা পৰ্টেলত পাৰ্ভিছ আলীৰ ভাতৃৰ বিৰুদ্ধে প্ৰকাশিত বাতৰি এটা ডিলিট কৰা নামত ধন দাবী কৰিছিল কৃষ্ণানু শৰ্মাই । প্ৰথমে আঢ়ৈ লাখ টকা তাৰ পিচত ডেৰ লাখ টকা দাবী কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে ।  

পাৰ্ভিছ আলীয়ে ২৮ হাজাৰ টকা অনলাইনযোগে দিছিলে । ১৬ এপ্ৰিলত টকাখিনি ঘূৰাই দিয়ে পাৰ্ভিছক । তাৰ পিচতেই নিশা সংঘটিত হয় এই ঘটনা । পাৰ্ভিছ আলীৰ পৰা অভিযোগ অনুসৰি তেওঁৰ লগৰ বন্ধুৰ সৈতে কমাৰ্চ পইণ্টত থকাৰ সময়ত উপস্থিত হয় কৃষ্ণানু শৰ্মাৰ লগতে তেওঁৰ গেং । পেটত পিষ্টল থৈ প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ পিচতেই পাৰ্ভিছৰ বন্ধুসকলৰ সৈতে কাজিয়াত লিপ্ত হয় । তাৰ পিচতেই ঘটনাৰ পৰা পলায়ন কৰে কৃষ্ণানু শৰ্মা আৰু গেঙে । অনহাতে পাৰ্ভিছৰ বন্ধু ৰাকেশ দাসৰ সোণৰ চেইন চুৰি কৰি নিয়াৰ অভিযোগো উত্থাপন কৰিছে ভুক্তভোগীয়ে । 

লগতে পঢ়ক: মঙলদৈত দিন দুপৰতে শিক্ষকৰ পৰা ধন লুট - Theft In Mangaldoi

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.