মঙলদৈত দিন দুপৰতে শিক্ষকৰ পৰা ধন লুট - Theft in Mangaldoi - THEFT IN MANGALDOI

🎬 Watch Now: Feature Video

thumbnail
মঙলদৈত দিন দুপৰতে শিক্ষকৰ পৰা ধন লুট (undefined)

By ETV Bharat Assamese Team

Published : April 17, 2024 at 8:26 PM IST

1 Min Read
Choose ETV Bharat

দৰং,১৭ এপ্ৰিল: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে মঙলদৈ । চুৰি, ডকাইতিৰ দৰে ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে মঙলদৈ চহৰত । এইবাৰ দিন দুপৰতে অভিনৱ কৌশল অৱলম্বন কৰি চোৰে লুটি নিলে আঢ়ৈ লাখ টকা । সুন্দৰ চন্দ্ৰ ডেকা নামৰ পছকিয়া হাইস্কুলৰ এগৰাকী সহকাৰী শিক্ষকে ষ্টেট বেংক মঙলদৈ শাখাৰ পৰা উলিয়াই অনা আঢ়ৈ লাখ টকা লুটি নিয়ে চোৰে ।  

শিক্ষকগৰাকীয়ে টকাখিনি নিজৰ মটৰ চাইকেলৰ বক্সত ভৰাই অলপ আঁতৰি যাওতেই চোৰে চলালে চাফাই অভিযান । ঘটনাৰ খবৰ পোৱা মাত্ৰকে সমীপতে থকা বিদ্যালয়খনৰ সকলো শিক্ষক আহি উপস্থিত হয় ঘটনাস্থলীত । ইতিমধ্যে ঘটনাস্থলীত মঙলদৈ সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । 

লগতে পঢ়ক: মহানগৰীত পুনৰ দিন দুপৰতে বাহনৰ গ্লাছ ভাঙি ধন লুট - Money Looted Case In Guwahati

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details