মঙলদৈত দিন দুপৰতে শিক্ষকৰ পৰা ধন লুট - Theft in Mangaldoi

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 8:26 PM IST

thumbnail

দৰং,১৭ এপ্ৰিল: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে মঙলদৈ । চুৰি, ডকাইতিৰ দৰে ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে মঙলদৈ চহৰত । এইবাৰ দিন দুপৰতে অভিনৱ কৌশল অৱলম্বন কৰি চোৰে লুটি নিলে আঢ়ৈ লাখ টকা । সুন্দৰ চন্দ্ৰ ডেকা নামৰ পছকিয়া হাইস্কুলৰ এগৰাকী সহকাৰী শিক্ষকে ষ্টেট বেংক মঙলদৈ শাখাৰ পৰা উলিয়াই অনা আঢ়ৈ লাখ টকা লুটি নিয়ে চোৰে ।  

শিক্ষকগৰাকীয়ে টকাখিনি নিজৰ মটৰ চাইকেলৰ বক্সত ভৰাই অলপ আঁতৰি যাওতেই চোৰে চলালে চাফাই অভিযান । ঘটনাৰ খবৰ পোৱা মাত্ৰকে সমীপতে থকা বিদ্যালয়খনৰ সকলো শিক্ষক আহি উপস্থিত হয় ঘটনাস্থলীত । ইতিমধ্যে ঘটনাস্থলীত মঙলদৈ সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । 

লগতে পঢ়ক: মহানগৰীত পুনৰ দিন দুপৰতে বাহনৰ গ্লাছ ভাঙি ধন লুট - Money Looted Case In Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.