মহানগৰীত পুনৰ দিন দুপৰতে বাহনৰ গ্লাছ ভাঙি ধন লুট - money looted case in Guwahati

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 8:11 PM IST

thumbnail

গুৱাহাটী, 4 এপ্ৰিল : পুনৰ মহানগৰীত দিন দুপৰতে পুনৰ ধন লুটৰ ঘটনা সংঘটিত হৈছে । গাড়ীৰ গ্লাচ ভাঙি লুটি নিলে নগদ ধনসহ মূল্যবান কাগজ-পত্ৰৰ বেগ । মহানগৰীৰ জয়ানগৰত সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে দিনৰ প্ৰায় 12 মান বজাত এগৰাকী ব্যক্তিয়ে পথৰ দাঁতিত AS 01 DV 1850 নম্বৰৰ বাহনখন ৰখাই সমীপৰে চাহ দোকানত চাহ খাবলৈ যায় । 

তাৰ পিচতে প্ৰায় 5 মিনিটৰ ভিতৰত বাহনখনৰ ওচৰলৈ লোকজনে ঘূৰি আহি দেখে যে, গাড়ীৰ গ্লাচ ভাঙি কোনো দুৰ্বৃত্তৰ দলে গাড়ীৰ চিটৰ ওপৰত ৰাখি থোৱা টকা তথা নথি-পত্ৰৰ বেগটো লৈ উধাও হয়। 

এই ঘটনাৰ পিচতে বশিষ্ঠ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । উল্লেখ্য যে বিগত সপ্তাহতো বেলতলা ছাৰ্ভেত সংঘটিত হৈছিল অনুৰূপ ঘটনা । এগৰকী মহিলাই পথৰ দাঁতিত ৰখাই থোৱা বাহনৰ গ্লাছ ভাঙি কোনো দুৰ্বৃত্তই লৈ গৈছিল টকাৰ বেগ । 

মহানগৰৰ বেলতলা অঞ্চলত এতিয়া প্ৰতিদিনে এনেধৰনৰ ঘটনা সংঘটিত হোৱাৰ ফলত শংকিত হৈ পৰিছে সাধাৰণ জনতা ৷

লগতে পঢ়ক: ২০২৩-২৪ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি সৰ্বাধিক পৰ্যটকৰ সংখ্যা - Highest Tourist in Kaziranga

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.