প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা জিলাত পোষ্টেল বেলটেৰে ভোটদান আৰম্ভ - LS Election 2024

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:58 PM IST

thumbnail

বৰপেটা,১৬ এপ্ৰিল: ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে তুংগত তুলিছে নিৰ্বাচনী প্ৰচাৰ । ইফালে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পোষ্টেল বেলটৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ । ইফালে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মঙলবাৰৰ পৰা বৰপেটা জিলাত পোষ্টেল বেলটৰ জৰিয়তে ভোটদান আৰম্ভ হৈছে ।  

ইয়াৰ বাবে বৰপেটা জিলা পৰিষদৰ কাৰ্যালয় আৰু বাৰাদিৰ আৰক্ষী নিৱেশত দুটা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে । বৰপেটাৰ জিলা নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই জনায় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা জিলাত ৩৩ গৰাকী অসামৰিক বিষয়া- কৰ্মচাৰী আৰু দুগৰাকী আৰক্ষীয়ে পোষ্টেল বেলটেৰে ভোটদান কৰিব । তেনেদৰে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও পোষ্টেল বেলটেৰে ভোটগ্ৰহণ কৰা হ'ব । 

লগতে পঢ়ক: শোণিতপুৰত আৰম্ভ বেলট পেপাৰৰ ভোট গ্ৰহণ - LS Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.