ETV Bharat / politics

শোণিতপুৰত আৰম্ভ বেলট পেপাৰৰ ভোট গ্ৰহণ - LS election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 12:25 PM IST

1 st phase of LS election 2024 ballot paper voting process began in sonitpur
শোণিতপুৰত আৰম্ভ বেলট পেপাৰৰ ভোট গ্ৰহণ

LS election 2024: দেওবাৰৰ পৰা আৰম্ভ হৈছে শোণিতপুৰ জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ বেলট কাকত আৰু অন্যান্য যাৱতীয় সামগ্ৰী লৈ গন্তব্যস্থলী অভিমুখে ৰাওনা হৈছে বিষয়া কৰ্মচাৰীসকল ৷

শোণিতপুৰত আৰম্ভ বেলট পেপাৰৰ ভোট গ্ৰহণ

তেজপুৰ, ৭ এপ্ৰিল : শোণিতপুৰ জিলাত দেওবাৰৰে পৰা আৰম্ভ হ’ল প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ 85 বছৰৰ উৰ্ধৰ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ ভোট ঘৰে ঘৰে গৈ গ্ৰহণ কৰাৰ বাবে আজি (দেওবাৰ) বেলট কাকত আৰু অন্যান্য যাৱতীয় সামগ্ৰী লৈ গন্তব্যস্থলী অভিমুখে ৰাওনা হৈছে প্ৰক্ৰিয়াটোত নিয়োজিত বিষয়া কৰ্মচাৰীসকল ৷

1 st phase of LS election 2024 ballot paper voting process began in sonitpur
শোণিতপুৰত আৰম্ভ বেলট পেপাৰৰ ভোট গ্ৰহণ

শোণিতপুৰৰ 5 টা বিধানসভা সমষ্টিত প্ৰায় 2400 গৰাকী ভোটাৰৰ কাষলৈ ৰাওনা হৈছে প্ৰায় 600 গৰাকী বিষয়া-কৰ্মচাৰী ৷ ভোটসমূহ পোষ্টেল বেলট কাকতৰ জৰিয়তে সংগ্ৰহ কৰা হ’ব বুলি জানিবলৈ দিছে জিলা ৰিটাৰ্ণিং বিষয়া দেৱ কুমাৰ মিশ্ৰই । ইয়াৰ সমান্তৰালভাৱে জিলা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত ইতিমধ্যে এই পোষ্টেল বেলটৰ জৰিয়তে বিষয়া-কৰ্মচাৰী আৰু কৰ্মৰত সাংবাদিকসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে বুলি জিলা ৰিটাৰ্ণিং বিষয়া দেৱ কুমাৰ মিশ্ৰই জনায় ।

1 st phase of LS election 2024 ballot paper voting process began in sonitpur
শোণিতপুৰত আৰম্ভ বেলট পেপাৰৰ ভোট গ্ৰহণ

দেওবাৰে তেজপুৰ দৰং মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমৰ কেন্দ্ৰৰ পৰা প্ৰায় 600 গৰাকী বিষয়া-কৰ্মচাৰীৰ উপৰিও আৰক্ষীৰ দল ৰাওনা হৈছে । শোণিতপুৰৰ পাঁচটা বিধানসভা সমষ্টিত পোষ্টেল ভোটাৰ হৈছে 2397, বিশ্বনাথত 148, গহপুৰত 237 আৰু বিহপুৰীয়াত মাত্ৰ 48 জন ।

উল্লেখ্য যে, অহা 19 এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ তাৰ সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ 5 টা বিধানসভা সমষ্টিত জেষ্ঠ নাগৰিকসকলৰ ভোট গ্ৰহণৰ বাবে তেজপুৰৰ পৰা ভোট গ্ৰহণ কৰা দল সমষ্টিৰ ভোটাৰসকলৰ ওচৰলৈ ৰাওনা হৈছে ।

লক্ষণীয় বিষয় যে, প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ লগতে প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতাৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ এটাই চিন্তা ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব : ভূপেন বৰা - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.