গৰম দালিত পৰি মৃত্য়ুৰে যুঁজিছে এটি দুবছৰীয়া শিশুৱে - Accident in Barpetaroad

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 10:10 PM IST

thumbnail

বৰপেটাৰোড 8 এপ্ৰিল : বৰপেটাৰোডত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন ৷ এটি ফুলকুমলীয়া দেৱ শিশু গৰম দালিত পৰি গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাধীন হ’বলগীয়া হৈছে ৷ বৰপেটাৰোডৰ 4 নং ৱাৰ্ডৰ দুলাল সাহাৰ ঘৰত সংঘটিত হৈছে এই অঘটন ৷  

শুকুৰবাৰে দুলাল সাহাৰ 2 বছৰীয়া একমাত্ৰ কন্যাই ঘৰত খেলি থকাৰ সময়তে মাতৃয়ে বনাই থকা গৰম দালিৰ কেৰাহীত হঠাৎ পৰি যায় ৷ ফলত দেৱ শিশুটিৰ প্ৰায় 70 শতাংশ শৰীৰ জ্বলি যায় ৷ পৰিয়ালৰ লোকে তৎক্ষণাত শিশুটিক বৰপেটাৰোড চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অৱস্থা অধিক শোচনীয় হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ শিশুটি বৰ্তমান গুৱাহাটীস্থিত নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

শিশুটিৰ চিকিৎসাৰ বাবে প্ৰায় 6 লাখমান টকাৰ প্ৰয়োজন বুলি চিকিৎসকে জানিবলৈ দিছে ৷ সেয়েহে দৰিদ্ৰ পৰিয়ালৰ শিশুটিৰ অভিভাৱকে এতিয়া শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য বিচাৰি ৰাইজলৈ অনুৰোধ জনাইছে ৷ কোনো সদাশয় ব্যক্তিয়ে যদি শিশুটিক সহায় কৰিব বিচাৰে তেন্তে পিতৃ দুলাল সাহাৰ 9707864136 (Google pay) নম্বৰত দিব পাৰিব ৷

লগতে পঢ়ক : গোৱালপাৰাৰ দুধনৈত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত লক্ষাধিক মূল্যৰ সা-সম্পত্তি - Fire In Goalpara

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.