পিষ্টল দেখুৱাই ডকাইতে লুটি নিলে ধন - Robber Gang in Jorhat - ROBBER GANG IN JORHAT

🎬 Watch Now: Feature Video

thumbnail
পিষ্টল দেখুৱাই ডকাইতে লুটি নিলে সহস্ৰাধিক ধন (undefined)

By ETV Bharat Assamese Team

Published : April 9, 2024 at 9:06 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট,৯ এপ্ৰিল: যোৰহাটত সোমবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড । যোৰহাটৰ নগৰৰ মাজমজিয়াস্থিত বাইপাছত সংঘটিত হয় এই ভয়ংকৰ ডকাইতিকাণ্ড । দুৰ্বৃত্তই পিষ্টল দেখুৱাই লুট কৰি লৈ গ'ল বিশ সহস্ৰাধিক নগদ টকা । শিৱসাগৰৰ ৰাজমাই বজাৰৰ পৰা নগাঁৱৰ চামগুৰিলৈ গৰু কঢ়িয়াই অনা এখন বলেৰ' পিকআপ ভান মাজনিশা যোৰহাটৰ বাইপাছত এটা ছয়জনীয়া দলে পিষ্টল, লাঠি লৈ নিজকে জাতীয়-সংগঠনৰ মানুহ বুলি পৰিচয় দি আগচি ধৰি প্ৰথমতে একলাখ টকা দাবী কৰে । এক লাখ টকা দিব নোৱাৰো বুলি কোৱাত গাড়ীৰ ড্ৰাইভাৰ হেণ্ডিমেনক মাৰধৰ কৰি বিশ সহস্ৰাধিক টকা, ম'বাইল লুট কৰাৰ লগতে গৰুবোৰ খুলি দি আঁতৰি যায় ।  

ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী লোক কেইজন । মাজনিশা পিষ্টল দেখুৱাই ডকাইতি কৰাৰ ঘটনাই সমগ্ৰ যোৰহাটতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । তাৎপৰ্যপূৰ্ণ যে যোৰহাটৰ বাইপাছত একাংশই নিশা বাহৰ পাতি বিভিন্ন গাড়ী ৰখাই কাগজ-পত্ৰ বিচাৰে আৰু উপযুক্ত কাগজ পত্ৰ দিব নোৱাৰিলে তেওঁলোকে নিজকে জাতীয়-সংগঠনৰ বুলি পৰিচয় দি ভয়-ভাবুকিৰে ধন দাবী কৰে আৰু উক্ত দুৰ্বৃত্তৰূপী দলটোৰ ভয়-ভাবুকিত উপায়ন্তৰ হৈ তেওঁলোকৰ হাতত থকা ধন দিবলৈ বাধ্য হয় বুলি দীৰ্ঘদিন ধৰি গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

লগতে পঢ়ক: সহায় কৰাৰ চলেৰে যাত্ৰীক লুটপাত: গুৱাহাটী আৰক্ষীৰ জালত পাঁচটাকৈ দুধৰ্ষ ডকাইত - Robber Gang Arrested In Guwahati

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details