পিষ্টল দেখুৱাই ডকাইতে লুটি নিলে ধন - Robber Gang in Jorhat

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 9:06 PM IST

thumbnail

যোৰহাট,৯ এপ্ৰিল: যোৰহাটত সোমবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড । যোৰহাটৰ নগৰৰ মাজমজিয়াস্থিত বাইপাছত সংঘটিত হয় এই ভয়ংকৰ ডকাইতিকাণ্ড । দুৰ্বৃত্তই পিষ্টল দেখুৱাই লুট কৰি লৈ গ'ল বিশ সহস্ৰাধিক নগদ টকা । শিৱসাগৰৰ ৰাজমাই বজাৰৰ পৰা নগাঁৱৰ চামগুৰিলৈ গৰু কঢ়িয়াই অনা এখন বলেৰ' পিকআপ ভান মাজনিশা যোৰহাটৰ বাইপাছত এটা ছয়জনীয়া দলে পিষ্টল, লাঠি লৈ নিজকে জাতীয়-সংগঠনৰ মানুহ বুলি পৰিচয় দি আগচি ধৰি প্ৰথমতে একলাখ টকা দাবী কৰে । এক লাখ টকা দিব নোৱাৰো বুলি কোৱাত গাড়ীৰ ড্ৰাইভাৰ হেণ্ডিমেনক মাৰধৰ কৰি বিশ সহস্ৰাধিক টকা, ম'বাইল লুট কৰাৰ লগতে গৰুবোৰ খুলি দি আঁতৰি যায় ।  

ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী লোক কেইজন । মাজনিশা পিষ্টল দেখুৱাই ডকাইতি কৰাৰ ঘটনাই সমগ্ৰ যোৰহাটতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । তাৎপৰ্যপূৰ্ণ যে যোৰহাটৰ বাইপাছত একাংশই নিশা বাহৰ পাতি বিভিন্ন গাড়ী ৰখাই কাগজ-পত্ৰ বিচাৰে আৰু উপযুক্ত কাগজ পত্ৰ দিব নোৱাৰিলে তেওঁলোকে নিজকে জাতীয়-সংগঠনৰ বুলি পৰিচয় দি ভয়-ভাবুকিৰে ধন দাবী কৰে আৰু উক্ত দুৰ্বৃত্তৰূপী দলটোৰ ভয়-ভাবুকিত উপায়ন্তৰ হৈ তেওঁলোকৰ হাতত থকা ধন দিবলৈ বাধ্য হয় বুলি দীৰ্ঘদিন ধৰি গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

লগতে পঢ়ক: সহায় কৰাৰ চলেৰে যাত্ৰীক লুটপাত: গুৱাহাটী আৰক্ষীৰ জালত পাঁচটাকৈ দুধৰ্ষ ডকাইত - Robber Gang Arrested In Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.