শিৱসাগৰত টাই আহোম যুৱ পৰিষদ অৱস্থান ধৰ্মঘট

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 4:47 PM IST

thumbnail

শিৱসাগৰ, ১১ মাৰ্চ: টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ শিৱসাগৰ জিলা সমিতিয়ে সোমবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে চৰম বঞ্চনা কৰাৰ অভিযোগ কৰি টাইপাৰ শিৱসাগৰ জিলা সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, বিগত দুটা লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপি দলে প্ৰতিশ্ৰুতি দিছিল যে যদি তেখেতসকল শাসনৰ গাদীলৈ আহে তেন্তে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ হ‘ব । কিন্তু চাৰিটাকৈ নিৰ্বাচনত ভোট লৈ জয়ী হৈ দিল্লী, দিছপুৰৰ গাদী দখল কৰিও বিজেপি দলটোৱে নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰি টাই আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰিলে । 

তেওঁলোকে চৰকাৰৰ এই বঞ্চনাৰ প্ৰতিবাদত তথা নিজৰ ন্যায্য প্ৰাপ্যৰ বাবে আজি পুনৰবাৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা ব্যক্ত কৰে ৷ লগতে চৰকাৰে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে সমগ্র অসমত "অৱস্থান ধৰ্মঘট" কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে ৷ 

লগতে পঢ়ক: 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.