ৰে'ল আৰক্ষীৰ জালত বগা সোণসহ সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 5:13 PM IST

thumbnail

বঙাইগাঁও,২০ ফেব্ৰুৱাৰী: ৰাজ্যত অবাধে চলিছে বগা সোণৰ ক'লা বেহা । নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত ৰে'ল আৰক্ষীয়ে বগা সোণৰ বিৰুদ্ধে চলাই অভিযান । ৰে'ল আৰক্ষীয়ে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই প্ৰায় ৩৫০ গ্ৰাম বগা সোণ জব্দ কৰিবলৈ সক্ষম হয় । লগতে জব্দ কৰে ৮০ হেজাৰ টকা নগদ ধন । গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ বগা সোণখিনি ।  

লগতে আৰক্ষীয়ে আটক কৰে এটা সৰবৰাহকাৰীক । আটকাধীন সৰবৰাহকাৰীটো বেনাৰসৰ বসন্ত লাল বুলি জানিব পৰা গৈছে । তিনিচুকীয়াৰ পৰা বেনাৰসলৈ সৰবৰাহৰ চেষ্টা চলাইছিল সোণখিনি । ঠিক সেই সময়তেই নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত চলোৱা হয় এই অভিযান আৰু সোণসহ আটক কৰা হয় সৰবৰাহকাৰীটোক । ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰে'ল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: কলিয়াবৰত গৰুচুৰি ঘটনা সন্দৰ্ভত মহকুমাধিপতিক আছুৰ স্মাৰকপত্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.