ৰে'ল আৰক্ষীৰ জালত বগা সোণসহ সৰবৰাহকাৰী - Smuggler arrested in Bongaigaon

🎬 Watch Now: Feature Video

thumbnail
ৰে'ল আৰক্ষীৰ জালত বগা সোণসহ সৰবৰাহকাৰী (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 5:13 PM IST

1 Min Read
Choose ETV Bharat

বঙাইগাঁও,২০ ফেব্ৰুৱাৰী: ৰাজ্যত অবাধে চলিছে বগা সোণৰ ক'লা বেহা । নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত ৰে'ল আৰক্ষীয়ে বগা সোণৰ বিৰুদ্ধে চলাই অভিযান । ৰে'ল আৰক্ষীয়ে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই প্ৰায় ৩৫০ গ্ৰাম বগা সোণ জব্দ কৰিবলৈ সক্ষম হয় । লগতে জব্দ কৰে ৮০ হেজাৰ টকা নগদ ধন । গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ বগা সোণখিনি ।  

লগতে আৰক্ষীয়ে আটক কৰে এটা সৰবৰাহকাৰীক । আটকাধীন সৰবৰাহকাৰীটো বেনাৰসৰ বসন্ত লাল বুলি জানিব পৰা গৈছে । তিনিচুকীয়াৰ পৰা বেনাৰসলৈ সৰবৰাহৰ চেষ্টা চলাইছিল সোণখিনি । ঠিক সেই সময়তেই নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত চলোৱা হয় এই অভিযান আৰু সোণসহ আটক কৰা হয় সৰবৰাহকাৰীটোক । ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰে'ল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: কলিয়াবৰত গৰুচুৰি ঘটনা সন্দৰ্ভত মহকুমাধিপতিক আছুৰ স্মাৰকপত্ৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details