কলিয়াবৰত গৰুচুৰি ঘটনা সন্দৰ্ভত মহকুমাধিপতিক আছুৰ স্মাৰকপত্ৰ
Illegal cattle trade: প্ৰশাসনৰ নিৰ্লিপ্ততাৰ অভিযোগ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ৷ মহকুমাধিপতিক স্মাৰকপত্ৰ প্ৰদান ৷

Published : February 20, 2024 at 1:08 PM IST
কলিয়াবৰ, 20 ফেব্ৰুৱাৰী : কলিয়াবৰত সঘনাই হৈছে গৰুচুৰি কাণ্ড । প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ বুজি প্ৰায় প্ৰতি নিশাই কলিয়াবৰত গৰুচুৰি কাণ্ড সংঘটিত হ’বলৈ লৈছে । তাৰ ফলত কলিয়াবৰৰ কৃষিজীৱী গঞা ৰাইজৰ জীৱনলৈ বিপৰ্যয় নামি আহিছে । তাৰ বিপৰীতে কলিয়াবৰৰ গঞা ৰাইজৰ পশুধনৰ সুৰক্ষাৰ বাবে মহকুমা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ ভূমিকা অতি পুতৌজনক । এনে অৱস্থাত গঞা ৰাইজৰ পক্ষত থিয় দিছে কলিয়াবৰ কেন্দ্ৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গ ।
মঙলবাৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ত কলিয়াবৰ আছুৰ প্ৰতিনিধিবৰ্গই এই স্পৰ্শকাতৰ বিষয়টোত প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ দাবী জনাই এক স্মাৰকপত্ৰ প্ৰদান কৰে । কলিয়াবৰৰ কৃষি কাৰ্যৰ লগত জড়িত লোকসকলে নিজৰ গাঁঠিৰ ধন ভাঙি অতি কষ্টৰে পোহপাল কৰি অহা গো-ধনসমূহ বৰ্তমান সময়ত যি হাৰত চুৰি হ’বলৈ লৈছে সেয়া সঁচা অৰ্থত গৰিহণাৰ যোগ্য ।
সংবাদ মাধ্যম বা অন্যান্য সূত্ৰৰ জৰিয়তে প্ৰকাশ পাই থকা অনুসৰি অত্যন্ত নিৰাপত্তাৰ পাচতো কলিয়াবৰৰ মাজেদি চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি গাড়ীসমূহ অহৰহভাৱে আৰক্ষীৰ চকুত ধূলি দি পাৰ হৈ থকা ঘটনাটো দুৰ্ভাগ্যজনক । এয়া প্ৰশাসনৰ চৰম ব্যৰ্থতা । এই ঘটনাৰ সন্দৰ্ভত প্ৰশাসনক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।
গৰু চোৰৰ লগতে চোৰাংভাৱে গৰু সৰবৰাহৰ কাৰ্যত জড়িত লোকক যদি প্ৰশাসনে অতি সোনকালে কৰায়ত্ব কৰি শাস্তি প্ৰদান নকৰে তেতিয়া কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৰাইজক লগত লৈ তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি স্মাৰকপত্ৰত উল্লেখ কৰিছে ।
লগতে পঢ়ক : অথলে গৈছে গো-ব্যৱসায়ক লৈ চৰকাৰী নিৰ্দেশনা

