জাতিটোক বিপথে পৰিচালিত কৰা উচিত নহয়: সৰ্বানন্দ সোণোৱাল - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 9:03 PM IST

thumbnail

ডিব্ৰুগড়,১৬ এপ্ৰিল: ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰচাৰ তুংগত কৰি তুলিছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে । দিনে-নিশাই প্ৰচাৰত ব্যস্ত সৰ্বানন্দ সোণোৱাল । কা সন্দৰ্ভত নাহৰকটীয়াত প্ৰথমবাৰলৈ মুখ খুলি বিৰোধীক তীব্ৰ সমালোচনা সৰ্বানন্দ সোণোৱালৰ । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কা সমৰ্থন কৰাত বিৰোধী দলসমূহে তীব্ৰ সমালোচনা কৰি অহাৰ পাচত এইবাৰ কা ক লৈ সৰৱ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল । কা খন সৰ্বানন্দ সোণোৱালে অসমত জাপি দিয়া নাই কা হৈছে এখন সৰ্বভাৰতীয় আইন । বিৰোধীয়ে কা সম্পৰ্কে অপব্যাখ্যা কৰি অসমীয়া জাতিক বিপথে পৰিচালিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে ।  

কা বলৱৎ হ'ল, ১ কোটি ৯০ লাখ বিদেশী অসমলৈ কেতিয়া আহিল বিৰোধীয়ে ইয়াৰ উত্তৰ দিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে জাতিটোক বিপথে পৰিচালিত কৰা উচিত নহয় । ইয়াৰ উত্তৰ অসমৰ ৰাইজক বিৰোধীয়ে দিব লাগিব । মঙলবাৰে ৯২ নং নাহৰকটীয়া বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিৰোধীক চোকা ভাষাৰে সমালোচনা কৰি বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে চৌদিশে বিজেপি কৰ্মীৰ উৎসাহ উদ্দীপনা দেখি আগন্তুক লোকসভা নিৰ্বাচনত অসমত সৰ্বাধিক আসন বিজেপিয়ে লাভ কৰিব বুলি উল্লেখ কৰে । 

লগতে পঢ়ক: মই নাচনী নহয়, আমি বিহু নাচক লৈ গিনীজ ৱৰ্ল্ড ৰেকৰ্ডহে কৰোঁ : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.