ETV Bharat / politics

মই নাচনী নহয়, আমি বিহু নাচক লৈ গিনীজ ৱৰ্ল্ড ৰেকৰ্ডহে কৰোঁ : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 10:51 PM IST

TEZPUR BJP ROAD SHOW
তেজপুৰত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’

অখিল গগৈৰ নিচিনা মানুহবোৰে অসমক পিছুৱাব খোজে, অসমক ধ্বংস কৰিব খোজে, আন্দোলনমুখী কৰিব খোজে ৷ বিজেপিৰ সৈতে 6 গগৈ আছে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

তেজপুৰত বিশাল ৰোড শ্ব’ৰে শক্তি প্ৰদৰ্শন মুখ্যমন্ত্ৰীৰ

তেজপুৰ, 15 এপ্ৰিল : "মই নাচনী নহয় ৷" এই মন্তব্যৰে বিধায়ক অখিল গগৈক সমালোচনা মুখ্যমন্ত্ৰীৰ ৷ সোমবাৰে সন্ধিয়া তেজপুৰত বিশাল ৰোড শ্ব’ৰে শক্তি প্ৰদৰ্শন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰোড শ্ব’ত অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু অখিল গগৈক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে৷

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয়- "অখিল গগৈৰ লগত প্ৰতিযোগিতা কিহত কৰিব লাগে ? মইতো নাচনী নহয়, আমি বিহু নাচক লৈ গিনীজ ৱৰ্ল্ড ৰেকৰ্ডহে কৰোঁ ৷" বিশ্বৰ দৰবাৰত বিহুক লৈ যোৱা, বিশ্ব ৰেকৰ্ড হ’ল, অখিল গগৈয়ে অসমে ইমান ওপৰত যাব পাৰে বুলি সপোনতো ভাবিছিলনে ? অখিল গগৈয়ে সপোনতো লাচিতৰ 150 ফুট ওখ মুৰ্তি হ’ব পাৰে বুলি ভাবিছিলনে বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তেওঁ কয় যে, অখিল গগৈৰ নিচিনা মানুহবোৰে অসমক পিছুৱাব খোজে, অসমক ধ্বংস কৰিব খোজে, আন্দোলনমুখী কৰিব খোজে ৷ সেয়েহে ৰাইজে আজি চিঞৰি চিঞৰি প্ৰত্যুত্তৰ দিছে যে তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে, নৰেন্দ্ৰ মোদীৰ লগত আছে, কোনো অখিল গগৈৰ লগত নাই বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীজনে ৷ বিজেপিৰ সৈতে 6 গগৈ আছে বুলিও মন্তব্য কৰে তেওঁ ৷

ইফালে ভূপেন বৰাক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়- " ভূপেন বৰাৰ মন্তব্য অত্যন্ত নিকৃষ্ট আৰু গৰ্হিত ৷ পূৰ্বে কৃষ্ণক লাভ জেহাদী ক’লে ৷ এইবাৰ শংকৰদেৱে চান্দসাইৰ লগত একেলগে নামাজ পঢ়িছিল বুলি ক’লে ৷ গৌৰৱ গগৈয়ে নাম-কীৰ্তন কৰাৰ কাৰণে মানুহে সমালোচনা কৰা নাই ৷ নামাজ পঢ়াৰ কাৰণে আৰু ৰাম মন্দিৰ বয়কট কৰাৰ কাৰণে তেওঁক সমালোচনা কৰিছে ৷" তেওঁ গৌৰৱ গগৈয়ে নামাজ পঢ়াত কোনো আপত্তি নাই কিন্তু হিন্দুৰ ৰাম মন্দিৰত এই উৎসাহ নেদেখুৱাই কিয় বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে নিৰ্বাচন তেওঁৰ বাবে এক আধ্যাত্মিক যাত্ৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ নিৰ্বাচনৰ প্ৰচাৰত লাখ লাখ মানুহ লগ পায়, সুখ-দুখ বুজি পায় বুলি উল্লেখ কৰি তেওঁ কয় যে, নিৰ্বাচন তেওঁৰ বাবে মানুহক জনাৰ এক আধ্যাত্মিক যাত্ৰা ৷ ইফালে আম আদমী পাৰ্টী সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নত "আপ মানে কি, বস্তুটো কি ? আমি এতিয়ালৈকে শুনা নাই" বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে ৷

উল্লেখ্য যে, সোমবাৰে বিয়লি শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেজপুৰৰ জাতীয় শ্বহীদ বাকৰিৰ পৰা বাহিৰ কৰা এই ৰোড শ্ব'ত কেইবা সহস্ৰাধিক বিজেপিৰ দলীয় কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : আহোমৰ বিৰুদ্ধে গৈছে হিমন্ত বিশ্ব শৰ্মা, তাৰ বলি ময়ো : ড° দয়ানন্দ বৰগোহাঁই - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.