ETV Bharat / state

আহোমৰ বিৰুদ্ধে গৈছে হিমন্ত বিশ্ব শৰ্মা, তাৰ বলি ময়ো : ড° দয়ানন্দ বৰগোহাঁই - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 9:26 PM IST

গৌৰৱ গগৈৰ মনটো আহোম হৈছে নে নাই সেই কথাটো বিচাৰ কৰাৰ প্ৰয়োজন আছে ৷ দুই-এটা কথাত হিমন্ত বিশ্ব শৰ্মা আহোমৰ বিৰুদ্ধে গৈছে ৷ আহোম বুলি ক’লেই সাত জাঁপ মাৰিছিল তৰুণ গগৈয়ে ৷ সংবাদমেল যোগে এই মন্তব্য ড৹ দয়ানন্দ বৰগোহাঁইৰ ৷

DAYANANDA BORGOHAIN PRESS MEET
সাম্প্ৰতিক পৰিস্থিতিক লৈ দয়ানন্দ বৰগোহাঁইৰ সংবাদমেল

ড° দয়ানন্দ বৰগোহাঁইৰ গুৰুত্বপূৰ্ণ সংবাদমেল

মৰাণ, 15 এপ্ৰিল : ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মৰাণত উজনি অসম সুৰক্ষা পৰিষদৰ সভাপতি ড৹ দয়ানন্দ বৰগোহাঁইৰ গুৰুত্বপূৰ্ণ সংবাদমেল ৷ সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰাৰ লগতে সমালোচনাও কৰে তেওঁ ৷ লগতে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ড৹ দয়ানন্দ বৰগোহাঁইয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সংবাদমেলত ড৹ দয়ানন্দ বৰগোহাঁইয়ে কয়- " দুই-এটা কথাত হিমন্ত বিশ্ব শৰ্মা আহোমৰ বিৰুদ্ধে গৈছে, তাৰ এটা বলি ময়ো ৷ তেওঁ মুখ্যমন্ত্ৰী হৈয়ে দুজন আহোম বিষয়া খেদিছে ৷ প্ৰথমজন হ’ল এডভোকেট জেনেৰেল ৰমেশ বৰপাত্ৰ গোহাঁই ৷ দ্বিতীয়জন দয়ানন্দ বৰগোহাঁই ৷"

তেওঁ লগতে কয়- "কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে এটা তাৎপৰ্যপূৰ্ণ কথা কৈছিল ৷ শিপা খামুচি থাকিলে কোনো জাতি-জনগোষ্ঠীয়ে নিজস্বতা হেৰুৱাব নালাগে ৷ হিমন্ত বিশ্ব শৰ্মাই কি খামুচি আছে- লগুণডাল লৈ আছে ৷ কাৰ্বি, বড়ো, মিচিং, তিৱা আদিয়ে তেওঁলোকৰ ভাষা কৈ আছে লগতে নিজৰ সাজ-পোচাক আছে ৷ কিন্তু আহোমৰ একো নাই ৷ কাজিয়া-পেচালত আহোমক কোনোৱে বলে নোৱাৰে ৷ কান্ধলৈকে আহোম শক্তিশালী কিন্তু ওপৰৰডোখৰ অলপ দুৰ্বল আছে ৷ গৌৰৱ গগৈৰ ওপৰৰডোখৰ অলপ বেছি চোকা কাৰণে আহোম মানুহে তেওঁ ৰক্ষণাবেক্ষণ দিব বুলি ভাবি লৈছে ৷"

ইফালে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ সন্দৰ্ভত দয়ানন্দ বৰগোহাঁয়ে কয়- "এই নিৰ্বাচনত গৌৰৱ গগৈৰ পক্ষত সৰহভাগ আহোম মানুহে থিয় দিছে ৷ এয়া বৰ ভাল কথা ৷ কিন্তু গৌৰৱ গগৈৰ মনটো আহোম হৈছে নে নাই সেই কথাটো বিচাৰ কৰাটোও প্ৰয়োজন আছে ৷"

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথা উল্লেখ কৰি তেওঁ কয়- "তৰুণ গগৈ 15 বছৰ মুখ্যমন্ত্ৰী আছিল ৷ কিন্তু তেওঁ আহোম বুলি ক’লেই সাত জাঁপ মাৰে ৷" আনহাতে গৌৰৱ গগৈক আহোমৰ কথা ক’বলৈ ভয় কৰিব নালাগিব বুলি আহ্বান জনাই বৰগোহাঁয়ে কয় যে তেওঁ বহুত ভাল মানুহ কিন্তু তেওঁ এটা বহুত ভুল দলত আছে ৷

আনহাতে হিতাধিকাৰী সন্দৰ্ভত চৰকাৰক সমালোচনা কৰে দয়ানন্দ বৰগোহাঁয়ে ৷ তেওঁ কয় যে, হিতাধিকাৰী বন্ধ নকৰিলে জাতিৰ বিপদ আছে ৷ হিতাধিকাৰী সন্দৰ্ভত চৰকাৰৰ কাম-কাজত তেওঁ সন্তুষ্ট নহয় বুলি উল্লেখ কৰি হিতাধিকাৰী নহয়, স্বত্বাধিকাৰীহে সৃষ্টি কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷

মুখ্যমন্ত্ৰীক সংবাদমেলত প্ৰশংসা কৰি তেওঁ কয়- "হিমন্ত বিশ্ব শৰ্মা ডায়েনেমিক পাৰ্চনেলিটিৰ গৰাকী ৷ 17 বছৰতকৈয়ো অধিক সময় তেওঁ মন্ত্ৰী হৈ থকাৰ অভিজ্ঞতা আছে ৷ কোন বিষয়াই ক’ত কি লুকুৱাই ৰাখিব পাৰে, কোনে ক’ত কেনেকৈ পইচা খাব পাৰে তাক তেওঁ জানে ৷"

আঞ্চলিক অসমতাৰ কথা উল্লেখ কৰি তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ দিনত কাম বহুত বেছি আগবাঢ়ি গৈছে বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, গুৱাহাটীত 4-5 মাহত এখন অভাৰব্ৰীজ ওলাই যায় ৷ কিন্তু ডিব্ৰুগডত ভাঙি থোৱা অভাৰব্ৰীজখনৰ কেৱল 2 খুটা এবছৰে হৈ উঠিছে ৷ ইয়াত আঞ্চলিক অসমতা হৈছে ৷ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ঠ কাম কৰিছে ৷ কিন্তু তেওঁ এই অসমতা সমানে চোৱা নাই বা চাব জনা নাই বুলি কয় দয়ানন্দ বৰগোহাঁয়ে ৷ লগতে ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো কাম কৰাৰ আগ্ৰহ, সেই কাম কৰাৰ আগ্ৰহক আমি সন্মান কৰো’’ বুলিও কয় তেওঁ ৷

লগতে পঢ়ক : ছেলফি তুলি, নৃত্য কৰি লামডিঙত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.