কৃষ্ণাইত গাড়ীৰ পৰা ৫ লক্ষাধিক টকা লৈ উধাও দুই যুৱক; চিচি টিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 10:58 PM IST

thumbnail

গোৱালপাৰা, ৪ মাৰ্চ : গোৱালপাৰাৰ কৃষ্ণাইত দিনদুপৰতে চুৰিকাণ্ড । গাড়ীৰ পৰা ৫ লক্ষাধিক টকা লৈ উধাও দুই যুৱক । সমগ্ৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী ।

গোৱালপাৰা জিলাৰ কৃষ্ণাইত পিকআপ বাহনৰ পৰা চুৰি হয় নগদ ৫ লাখ ৮০ হেজাৰ টকা ৷ জানিব পৰা মতে, চুৰিকাণ্ডৰ লগত জড়িত আছে পিকআপ বাহনখনৰ চালক । চালকগৰাকী হৈছে ছয়গাঁৱৰ নুৰ আলম । কামৰূপ জিলাৰ ছয়গাঁৱৰ গৰৈমাৰীৰ ব্যৱসায়ী আব্দুল মালেক নামৰ লোকজনে আন ব্যৱসায়ীৰ চুপাৰি লৈ এএছ-০১-পিচি-৪৫২৯ নম্বৰৰ পিকআপ ভানেৰে চুপাৰি বিক্ৰী কৰিবলৈ কৃষ্ণাই বজাৰলৈ আহিছিল । 

পিচত বাহনখন কৃষ্ণাই দৈনিক বজাৰত ঘূৰাবলৈ চেষ্টা কৰাৰ সময়তে পূৰ্ব পৰিকল্পিতভাৱে দুজন যুৱকে অতি কৌশলেৰে গাড়ীৰ পৰা টকাৰ বেগ লৈ পলায়ন কৰে ৷ তাৰ পাচতে ব্যৱসায়ীগৰাকীয়ে বাহনত টকাৰ বেগখন নোপোৱাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় কৃষ্ণাই বজাৰত । ইপালে দুই যুৱকে পৰিকল্পিতভাৱে পিকআপ বাহনৰ পৰা টকাৰ বেগখন লৈ উধাও হোৱা সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত ৷

লগতে পঢ়ক :জাহাজত ৰিলছ বনাই থাকোতে পিছলি পৰিল ব্ৰহ্মপুত্ৰত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.