ETV Bharat / state

জাহাজত ৰিলছ বনাই থাকোতে পিছলি পৰিল ব্ৰহ্মপুত্ৰত

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 7:33 PM IST

Updated : Mar 4, 2024, 7:50 PM IST

M V Sapteshwari Ferry
এম ভি সপ্তেশ্বৰী ফেৰী

M V Sapteshwari Ferry:নিমাতী-অফলামুখ ফেৰীঘাটৰ পৰা এম ভি সপ্তেশ্বৰী নামৰ ফেৰীখন মাজুলী দিশে গৈ থাকোতেই অঘটন । ৰিলছ বনাই থাকোতেই পানীত পৰিল মহিলা ।

এম ভি সপ্তেশ্বৰী ফেৰী

যোৰহাট, ৪ মাৰ্চ: পুনৰ ব্ৰহ্মপুত্ৰৰ বুকত অঘটন । এইবাৰ ৰিলছ বনাই থাকোতেই জাহাজখনৰ পৰা পিছলি পৰিল এগৰাকী মহিলা । ঘটনাৰ বিৱৰণি মতে,আজি নিমাতী অফলামুখ ফেৰীঘাটৰ পৰা এম ভি সপ্তেশ্বৰী নামৰ ফেৰীখন মাজুলী দিশে গৈ থকা অৱস্থাতেই ব্ৰহ্মপুত্ৰৰ মাজভাগত যোৰহাটৰ বালিগাঁৱৰ পূজা বেজবৰুৱা নামৰ বিবাহিতা মহিলাগৰাকী জাহাজখনৰ পৰা পিছলি পৰে । হঠাতে এইদৰে ঘটা ঘটনাটোৰ ফলত যাত্ৰীসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় । মহিলাগৰাকীৰ প্ৰাণ ৰক্ষাৰ বাবে যাত্ৰী সকলে চিঞৰ-বাখৰ কৰিবলৈ ধৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

যাত্ৰীসকলৰ চিঞৰ শুনি অকণো সময় নষ্ট নকৰি এম ভি সপ্তেশ্বৰী নামৰ ফেৰীখনৰ চালকজনে ব্ৰহ্মপুত্ৰ বুকুত জাপ দিয়ে । চালকজনৰ তৎপৰতাত ব্ৰহ্মপুত্ৰৰ বুকত পৰি যোৱা মহিলাগৰাকীৰ জীৱন কথমপি ৰক্ষা পৰে । সংকটজনক অৱস্থাত ১০৮ সেৱাৰ জৰিয়তে চিকিৎসা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিচনাত চিকিৎসাধীন হৈ আছে আহত মহিলাগৰাকী । জাহাজখনৰ যাত্ৰীসকলৰ ভাষ্য় অনুসৰি মহিলাগৰাকীয়ে গন্তব্য স্থানলৈ গৈ থকা সময়ত ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য নিজৰ মবাইলৰ কেমেৰাত আৱদ্ধ কৰি ৰিলছ বনাই আছিল । এইদৰে ৰিলছ বনাই থাকোতেই তেওঁ হঠাৎ পিছলি পৰে । মহিলাগৰাকী পানীত পৰি যোৱাৰ সময়তেই সেই পিনে গৈ আছিল আভ্য়ন্তৰীণ জল পৰিবহণ বিভাগৰ এখন ফেৰী । সেই সময়ত আভ্য়ন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰীত থকা কৰ্মচাৰীসকলে মহিলাগৰাকীক জীৱন ৰক্ষা কৰা কাৰ্যত সহায় কৰে । তেওঁলোকৰ লগত থকা লাইফ জেকেট দি সহায় কৰি কোনোমতে মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা কৰে ।

লগতে পঢ়ক:তপন কুমাৰ গগৈয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচত মাজুলীৰ বিজেপি কৰ্মীৰ মাজত আনন্দ-উল্লাস

Last Updated :Mar 4, 2024, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.