পুত্ৰ-পত্নীহন্তা জগদীশ হালৈক লৈ নলবাৰীৰ বাসগৃহত উপস্থিত আৰক্ষী

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 6:29 PM IST

thumbnail

নলবাৰী, ২৯ ফেব্ৰুৱাৰী : প্ৰামাণিক তদন্তৰ বাবে নলবাৰীৰ বৰসৰকুছিৰ বাসগৃহলৈ অনা হয় পত্নী আৰু পুত্ৰক হত্যাৰ অভিযুক্ত জগদীশ হালৈক । যোৱা ২৬ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ আলিপুৰ দুৱাৰৰ পৰা আটক কৰিছিল জগদীশ হালৈক ৷ পিচত 28 ফেব্ৰুৱাৰীত নলবাৰী আৰক্ষীয়ে আদালতত পাঁচদিনৰ জিম্মাত বিচাৰিছিল জগদীশ হালৈক ৷ যদিও আদালতে দুদিনৰ বাবে নলবাৰী আৰক্ষীৰ জিম্মাত গতাই দিয়ে হালৈক ৷ 

ইয়াৰ পিচতে বৃহস্পতিবাৰে দুপৰীয়া নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) আৰিফ আহমেদৰ নেতৃত্বত এটি আৰক্ষীৰ দলৰ লগতে দণ্ডাধীশ প্ৰাঞ্জল বৰুৱাসহ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতে জগদীশ হালৈক লৈ তেওঁৰ বাসগৃহত উপস্থিত হয় ৷ উল্লেখযোগ্য যে আৰক্ষীয়ে দুটা খেৰেৰে পুতলা সজাই জগদীশ হালৈয়ে তেওঁৰ পত্নী আৰু পুত্ৰক কেনেকৈ হত্যা কৰিছিল এই সকলো তেওঁৰ বাসগৃহত ভিডিঅ’গ্ৰাফী কৰি তদন্ত আৰম্ভ কৰে ৷ ইয়াৰ পিচতে জগদীশ হালৈক জে এল ধাবালৈও লৈ যোৱা হয় ৷

লগতে পঢ়ক: বিজেপিত যোগদান সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.