ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পালনাম ও বৰসবাহ অনুষ্ঠিত - Dhekiakhowa Barnamghar

🎬 Watch Now: Feature Video

thumbnail
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পালনাম ও বৰসবাহ অনুষ্ঠিত (undefined)

By ETV Bharat Assamese Team

Published : March 25, 2024 at 3:10 PM IST

1 Min Read
Choose ETV Bharat

টীয়ক, 25 মাৰ্চ : বিশ্ববাসীৰ মংগল কামনাৰে তথা সমাজৰ পৰা অসূয়া শক্তি বিনাশ কৰি সকলোৰে মাজত প্ৰেম, ভাতৃত্ববোধ গঢ় দিয়াৰ উদ্দেশ্যৰে উজনি অসমৰ অন্যতম পীঠ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত দেওবাৰৰ পৰা দুদিনীয়াকৈ পালনাম ও বৰসবাহ আয়োজন কৰা হয় ৷ দেওবাৰে নিশাৰ পৰা পালনাম অনুষ্ঠিত হৈ আছে ৷ এই বৰসবাহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভকত-বৈষ্ণৱে পুৱাৰ পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে । ভক্তসকলে হাতে হাতে শৰাই-নৈবদ্য লৈ নেদেখাজনৰ চৰণত সেৱা লৈছে ৷ 

উল্লেখ্য যে পূৰ্বৰে পৰা ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে চ’ত মাহৰ পূৰ্ণিমাৰ দিনা এই কাৰ্যসূচী আয়োজন কৰি আহিছে ৷ এইবৰ্ষত পূৰ্বৰ তুলনাত কেইবা শতাধিক ভকত বৈষ্ণৱৰ সমাৱেশ হোৱা পৰিলক্ষিত হৈছে বুলি জানিবলৈ দিয়ে উদ্যাক্তাসকলে ৷ ইপিনে আজি দিনৰ মূল নামৰ পাচতে নিশালৈ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে নামঘৰ পৰিচালনা সমিতিয়ে ৷

লগতে পঢ়ক: আবিৰৰ ৰঙেৰে ৰঙীণ বৃন্দাবন - Varanasi Holi celebration