দুই পক্ষৰ তয়াময়া ৰণ, সামান্য কথাতে চোকা অস্ত্ৰৰে আঘাত দুজনক - YOUTHS ATTACKED WITH SHARP WEAPONS

By ETV Bharat Assamese Team

Published : May 22, 2024, 1:26 PM IST

thumbnail
সামান্য কথাতে চোকা অস্ত্ৰৰে আঘাত দুই যুৱকক (ETV BHARAT ASSAM)

গুৱাহাটী, ২২ মে : দেখাত এখন সামান্য কাজিয়া ৷ দোকানৰ সন্মুখৰ জাৱৰ পেলোৱাক লৈ দুখন দোকানৰ স্বত্বাধিকাৰীৰ মাজত হয় প্ৰথমে কথাৰ কটা-কটি ৷ তাৰপিচতেই কাজিয়াই ল’লেগৈ ভয়ংকৰ ৰূপ ৷ হাতত থকা চোকা অস্ত্ৰ লৈ চোঁচা মাৰি আহিল বিপক্ষৰ লোক ৷ চকুৰ পচাৰতে হাতত থকা চোকা অস্ত্ৰৰে যধে-মধে হানি খুঁচি আহত কৰিলে অন্য দোকানৰ দুজনকৈ কৰ্মচাৰীক ৷

মহানগৰীৰ জয়ানগৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । সামান্য কাজিয়াই ল’লে ভয়ংকৰ ৰূপ ৷ বুধবাৰে গুৱাহাটীৰ জয়ানগৰস্থিত অঞ্জনি ম’বাইল ষ্টোৰ আৰু S&F নামৰ জিমৰ স্বত্বাধিকাৰীৰ মাজত সংঘটিত হৈছে এই ঘটনা । অঞ্জনি ম’বাইল ষ্টোৰ আৰু S&F নামৰ জিমৰ কৰ্মচাৰীৰ জাৱৰ আঁতৰোৱাক লৈ প্ৰথমে সৃষ্টি হয় কাজিয়াৰ । তাৰ পিচতেই ম’বাইল ষ্টোৰখনৰ দুজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে S&F জিমৰ স্বত্বাধিকাৰী হিৰণ্য কলিতা আৰু হেমেন কলিতা নামৰ লোক দুজনে । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ম’বাইল ষ্টোৰখনৰ স্বত্বাধিকাৰী বিতু পোদ্দাৰ আৰু আলোক পোদ্দাৰ । 

এই ঘটনাৰ পিচতে লগে লগে দুয়োকে ভৰ্তি কৰোৱা হয় খানাপাৰাৰ মেট্ৰ’ হাস্পতালত । এই মাৰপিটৰ ঘটনাৰ দৃশ্য বন্দী হৈছে CCTV ত । ইতিমধ্যে ম’বাইল ষ্টোৰখনৰ কৰ্মচাৰীসকলে দিছপুৰ থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছে এক এজাহাৰ‌ ।

লগতে পঢ়ক: বিদ্যালয়ৰ পৰা ক'লৈ গ'ল জিতু ? সন্ধান নাই আজিও - Student Missing In Bongaigaon

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.