চৰাইদেউত চৰকাৰী আঁচনিৰ পৰ্যালোচনা পাব্লিক একাউণ্টছ কমিটিৰ

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 7:23 PM IST

thumbnail

চৰাইদেউ,১ মাৰ্চ : চৰকাৰী আঁচনিবোৰ সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই তাৰ পৰ্যালোচনা কৰিবলৈ বৃহস্পতিবাৰে চৰাইদেউ জিলাত উপস্থিত হয় বিধানসভাৰ পাব্লিক একাউণ্টছ কমিটিৰ বিষয়ববীয়াসকল । কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ নেতৃত্বত দলটোৱে জিলাখনৰ কেইবাটাও আঁচনিৰ কামকাজ পৰিদৰ্শন কৰে । কমিটিখনৰ বিধায়কসকলে সোণাৰি আৰু মাহমৰা সমষ্টিৰ কেইবাটাও চৰকাৰী আঁচনি পৰিদৰ্শন কৰাৰ লগতে কামৰ অগ্ৰগতিৰ বুজ লয় । ইফালে কেইবাটাও আঁচনিৰ কাম দেখি অসন্তুষ্টি প্ৰকাশ কৰে দলটোৱে ।

লেহেমীয়া গতিত চলা কাম-কাজ সন্দৰ্ভত বিধানসভাত প্ৰতিবেদন দাখিল কৰিব বুলিও উল্লেখ কৰে দলটোৱে । ইফালে প্ৰতিনিধি দলটোৱে চৰাইদেউ জিলাৰ ৰাইজৰ মতামত গ্ৰহণ কৰে । ইয়াৰ পিচতে চৰাইদেউৰ স্থানীয় বিধায়কসকলক লৈ জিলা আয়ুক্ত কাৰ্যালয়ত দলটোৱে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । চৰাইদেউ ভ্ৰমণ কৰা প্ৰতিনিধি দলটোত থকা বিধায়কসকল হৈছে ক্ৰমে নুৰুল হুদা, উৎপল বৰা, ভবেন্দ্ৰনাথ ভঁৰালী, হাফিজ বচিৰ আহমেদ আৰু কৰিমউদ্দিন বৰভূঞা ।

লগতে পঢ়ক :CAA বিৰোধী আন্দোলন প্ৰতিৰোধ কৰিবলৈ সষ্টম অসম আৰক্ষী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.