ৰে'ল আৰক্ষীৰ জালত লক্ষাধিক টকাসহ এজন

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 9:15 PM IST

thumbnail

বঙাইগাঁও,২০ ফেব্ৰুৱাৰী: নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত ৰে'ল আৰক্ষীৰ তালাচী অভিযান । তালাচী অভিযানত বুজন পৰিমাণৰ নগদ ধনসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৰে'ল আৰক্ষীয়ে । মঙলবাৰে বিয়লিভাগত নামনিমুৱা নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে'লত চলোৱা হৈছিল এই অভিযান এই অভিযান কালতেই আটক কৰা হয় লোকজনক । আটকাধীন লোকজন মিৰ্জাপুৰৰ অজয় আগৰৱাল বুলি জানিব পৰা গৈছে ।  

গোলাঘাটৰ পৰা উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ অভিমুখে গৈ থকাৰ অৱস্থাতেই আটক কৰা হয় লোকজনক । লোকজনৰ পৰা প্ৰায় ২০ লক্ষাধিক টকা জব্দ কৰিবলৈ সক্ষম হয় অসম ৰে'ল আৰক্ষীয়ে । ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে অসম ৰে'ল আৰক্ষীয়ে । উল্লেখ্য যে মঙলবাৰে বিয়লিভাগত নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত ৰে'ল আৰক্ষীৰ অভিযানত জব্দ কৰা হয় প্ৰায় ৩৫০ গ্ৰাম বগা সোণ । আটক কৰিছিল বেনাৰসৰ বসন্ত লাল নামৰ এটা সৰবৰাহকাৰীক । একেটা দিনতে পোহৰলৈ অহা এই দুই ঘটনাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ সচেতন লোক ।  

লগতে পঢ়ক: ৰে'ল আৰক্ষীৰ জালত বগা সোণসহ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.