ৰে'ল আৰক্ষীৰ জালত লক্ষাধিক টকাসহ এজন - Smuggler arrested with white gold

🎬 Watch Now: Feature Video

thumbnail
ৰে'ল আৰক্ষীৰ জালত লক্ষাধিক টকাসহ এজন (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 9:15 PM IST

1 Min Read
Choose ETV Bharat

বঙাইগাঁও,২০ ফেব্ৰুৱাৰী: নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত ৰে'ল আৰক্ষীৰ তালাচী অভিযান । তালাচী অভিযানত বুজন পৰিমাণৰ নগদ ধনসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৰে'ল আৰক্ষীয়ে । মঙলবাৰে বিয়লিভাগত নামনিমুৱা নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে'লত চলোৱা হৈছিল এই অভিযান এই অভিযান কালতেই আটক কৰা হয় লোকজনক । আটকাধীন লোকজন মিৰ্জাপুৰৰ অজয় আগৰৱাল বুলি জানিব পৰা গৈছে ।  

গোলাঘাটৰ পৰা উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ অভিমুখে গৈ থকাৰ অৱস্থাতেই আটক কৰা হয় লোকজনক । লোকজনৰ পৰা প্ৰায় ২০ লক্ষাধিক টকা জব্দ কৰিবলৈ সক্ষম হয় অসম ৰে'ল আৰক্ষীয়ে । ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে অসম ৰে'ল আৰক্ষীয়ে । উল্লেখ্য যে মঙলবাৰে বিয়লিভাগত নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত ৰে'ল আৰক্ষীৰ অভিযানত জব্দ কৰা হয় প্ৰায় ৩৫০ গ্ৰাম বগা সোণ । আটক কৰিছিল বেনাৰসৰ বসন্ত লাল নামৰ এটা সৰবৰাহকাৰীক । একেটা দিনতে পোহৰলৈ অহা এই দুই ঘটনাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ সচেতন লোক ।  

লগতে পঢ়ক: ৰে'ল আৰক্ষীৰ জালত বগা সোণসহ সৰবৰাহকাৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details