কাছাৰৰ ভূৱন তীৰ্থত শিৱৰ আৰাধনা কৰিবলৈ গৈ শিৱভক্তৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 5:31 PM IST

thumbnail

শিলচৰ, 9 মাৰ্চ : মহাশিৱৰাত্ৰিৰ দিনটোতেই ঘটি গ’ল অঘটন ৷ ভগৱানৰ আশীষ বিচাৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়ে ৷  কাছাৰৰ ভূৱন পাহাৰত সংঘটিত হৈছে এই ঘটনা ৷ মৃত ভক্তজনৰ নাম সুৰেন্দ্ৰ নাথ ৷ ঘৰ শিলচৰৰ ভকতপুৰত বুলি জানিব পৰা গৈছে ৷

শিবৰাত্ৰি উপলক্ষে প্ৰতি বছৰেই কাছাৰৰ তীৰ্থস্থান ঐতিহ্যমণ্ডিত ভূৱন পাহাৰত থকা শিৱ মন্দিৰত ভক্তৰ যথেষ্ট ভিৰ হয় ৷ প্ৰতি বছৰেই ভূৱন পাহাৰৰ এই শিৱ মন্দিৰত লাখ লাখ ভক্তৰ সমাগম হয় ৷ এইবছৰো তাৰ ব্যতিক্ৰম নহ’ল ৷ কিন্তু কালি ঘটিল এক অঘটন ৷ ভিৰৰ মাজতে মৃত্যু হ’ল এজন শিৱভক্তৰ ৷ পাহাৰৰ ওপৰত শিৱৰ পূজা কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ পৰে সুৰেন্দ্ৰ নাথ সিনহা নামৰ এজন ভক্ত ৷ লগে লগে আৰক্ষীয়ে ভক্তজনক উদ্ধাৰ কৰি স্থানীয় কচুধৰম হাস্পতাললৈ লৈ যায় । কিন্তু চিকিৎসকৰ দলে তেওঁক মৃত বুলি ঘোষণা কৰে । দীৰ্ঘসময় ধৰি পাহাৰ বগাই থকাৰ বাবে সুৰেন্দ্ৰ নাথে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : শিৱৰাত্ৰিৰ দিনটোত কিয় চৰ্চালৈ আহে এটা বিশেষ মন্দিৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.