ETV Bharat / state

শিৱৰাত্ৰিৰ দিনটোত কিয় চৰ্চালৈ আহে এটা বিশেষ মন্দিৰ ?

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 9:53 PM IST

shivaratri-celebration-at-shiva-temple-at-bhuban-pahar-of-cachar
এটা বিশেষ পাহাৰৰ কাহিনী

আজি মহাশিৱৰাত্ৰি ৷ বিশেষ দিনটোত চৰ্চালৈ অহা এটা বিশেষ পাহাৰৰ কাহিনী ৷ ঘন-জংঘলেৰে আৱৰা এই পাহাৰটো ভূৱন পাহাৰ ৷ ৰহস্যৰে ভৰপূৰ ভূৱন পাহাৰলৈ কিয় যায় শিৱভক্ত ? সাংবাদিক বিক্ৰম দাসৰ এক প্ৰতিবেদন ৷

শিৱভক্তৰ আগমন

শিলচৰ, 8 মাৰ্চ : আজি মহাশিৱৰাত্ৰি । ভক্তি আৰাধনাৰে মুখৰিত শিৱমন্দিৰসমূহ । কাছাৰৰ ভূৱন পাহাৰলৈ প্ৰতি বছৰৰ দৰে এইবাৰো ঢল নামিছে ভক্তৰ । কেৱল বৰাক উপত্যকাই নহয় সমগ্ৰ অসমৰ বাবে কাছাৰৰ ভূৱন পাহাৰ এক দুৰ্গম শৈৱতীৰ্থ হিচাপে পৰিচিত । শিৱ চতুৰ্দশী উপলক্ষে প্ৰতিবছৰে ইয়াত পূজা কৰিবলৈ বিপুল জনসমাগম ঘটে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই ভূৱন পাহাৰৰ বিশেষত্বটো কি জানেনে ? ইয়ালৈ আপুনি যাব লাগিব কেইবা ঘণ্টাও খোজকাঢ়ি ৷ বৰাক উপত্যকাৰ অন্যতম ধৰ্মস্থলী হৈছে ভূৱন পাহাৰ । প্ৰতি বছৰে শিৱৰাত্ৰিৰ সময়ত ভূৱন পাহাৰলৈ প্ৰায় চাৰি লাখ ভক্তৰ সমাগম ঘটা দেখা যায় । এইবেলিও শিৱৰাত্ৰিৰ প্ৰথম দিনাই প্ৰায় আঢ়ৈ লাখ ভক্তই ভূৱন পাহাৰ বগাই মন্দিৰলৈ আহিছে ।

অসমৰ উত্তৰ-পূবত অৱস্থিত এই ভূৱন পাহাৰ । কাছাৰৰ শিলচৰ চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত অৱস্থিত এই পাহাৰখন ঠিক গুৱাহাটীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰৰ দৰে ৷ মণিপুৰ আৰু মিজোৰামৰ সীমান্তৱৰ্তী বৰাক উপত্যকাৰ একেবাৰে দক্ষিণ-পূবত থকা ভূৱন পাহাৰ তীৰ্থযাত্ৰীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ লগতে ট্ৰেকাৰ আৰু পৰ্বতাৰোহীসকলৰো প্ৰিয়স্থান৷ গভীৰ অৰণ্যৰে আবৃত পাহাৰখন কিংবদন্তি আৰু বহু ৰহস্যৰে ভৰি আছে । ই এতিয়া এক জনপ্ৰিয় তীৰ্থস্থান । তীৰ্থযাত্ৰীসকলে লাঠিৰ সহায়ত থিয় পাহাৰখন বগাই ভগৱান শিৱৰ দৰ্শন কৰিবলৈ আহে । বৃদ্ধ আৰু শিশুসকলে পাহাৰখন বগাই যায় আনৰ সহায়ত ।

ভূৱন পাহাৰৰ শিৱ মন্দিৰত মহাশিৱৰাত্ৰি উপলক্ষে আয়োজিত পৰম্পৰাগত ভূৱন মেলালৈ প্ৰতি বছৰে লাখ লাখ লোক একত্ৰিত হয় । ভক্তসকলে দিনটো উপবাসে থাকি মন্দিৰৰ ওচৰতে থকা পুখুৰীটোত ডুব মাৰি অহাৰ পিচত পাহাৰ বগাবলৈ আৰম্ভ কৰে আৰু তাৰ পিচতে আৰম্ভ হয় মহাদেৱৰ উপাসনা ।

ভূৱন পাহাৰক লৈ চলি আহিছে এটা জনপ্ৰিয় পৌৰাণিক কাহিনী ৷ লোকবিশ্বাস মতে, পাহাৰখন এটা সময়ত হিন্দু দেৱ-দেৱীৰ প্ৰতিচ্ছবিৰে ভৰি আছিল । পৰৱৰ্তী সময়ত, পাহাৰৰ ওচৰত বসতি স্থাপন কৰা নাগা সাধুসকলে প্ৰতিচ্ছবিবোৰ তেওঁলোকৰ পূৰ্বপুৰুষৰ বুলি ধাৰণা কৰিছিল আৰু সেইবোৰ আন এঠাইলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । তেওঁলোকে প্ৰতিচ্ছবিবোৰ কঁকালত বান্ধিবলৈ ৰছী ব্যৱহাৰ কৰিছিল । নাগা সাধুসকলে প্ৰতিচ্ছবিসমূহ স্থানান্তৰ কৰাৰ সময়ত তেওঁলোকৰ ওপৰত এক অভিশাপ আহি পৰিছিল ৷ সেই অভিশাপৰ ফলতেই নাগা সাধুসকল তৎক্ষণাৎ একো একোটা শিললৈ ৰূপান্তৰিত হৈছিল । এই ভূৱন পাহাৰত ট্ৰেকিং কৰিবলৈ গৈ ইতিমধ্যে প্ৰাণো হেৰুৱাইছে বহুজনে ৷

ভূৱন পাহাৰৰ প্ৰায়বোৰ মূৰ্তি সপ্তম শতিকাৰ পৰা দশম শতিকাৰ সময়ছোৱাৰ । এই পাহাৰখন এসময়ত ৰংমাই, লিয়াংমাই আৰু জেমি সম্প্ৰদায়ৰ হাজাৰ হাজাৰ হিন্দু লোকৰ তীৰ্থস্থান আছিল । মহাশিৱৰাত্ৰিৰ দিনটোত ভূৱন পাহাৰত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে কাছাৰ আৰক্ষী তৎপৰ হৈ আছে । তাৰ মাজতেই প্ৰাণ পাই উঠিছে ভূৱন পাহাৰ ৷ ঐতিহাসিক এই ভূৱন পাহাৰ এতিয়া ৰঙে ৰূপে ভৰি উখল-মাখল হৈ পৰিছে ৷

লগতে পঢ়ক : মহানগৰীত মহাশিৱৰাত্ৰি: পদযুগল থকা এটা জীয়াশিলৰ শিৱ মন্দিৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.