ETV Bharat / state

মহানগৰীত মহাশিৱৰাত্ৰি: পদযুগল থকা এটা জীয়াশিলৰ শিৱ মন্দিৰত ভক্তৰ ভিৰ

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 4:52 PM IST

Maha Shivratri in Guwahati: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ হেঙেৰাবাৰীতো ধুমধামেৰে পালন কৰা হৈছে মহা শিৱৰাত্ৰি ৷ পুৱাৰে পৰা দেখা গৈছে অগণন লোকৰ সমাগম ৷

Maha Shivratri in Guwahati
হেঙেৰাবাৰীত মহাশিৱৰাত্ৰি

পদযুগল থকা এটা জীয়াশিলৰ শিৱ মন্দিৰত ভক্তৰ ভিৰ

গুৱাহাটী, 8 মাৰ্চ: আজি দেৱাদিদেৱ মহাদেৱৰ মহাশিৱৰাত্ৰি । পুৱাৰ ভাগৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ শিৱ মন্দিৰ তথা থানসমূহতো দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ ।

মহানগৰীৰ হেঙেৰাবাৰীত থকা শিৱমন্দিৰতো পুৱাৰে পৰা দেখা গৈছে অগণন লোকৰ সমাগম । হাতে হাতে ফুল-চাকি, ধূপ, নৈবদ্য লৈ পুৱাৰে পৰা মন্দিৰত ভিৰ কৰিছে হাজাৰ হাজাৰ ভক্তই । উল্লেখ্য যে পাহাৰৰ শিখৰত থকা শিৱ মন্দিৰটো দুছটা শিলেৰে আৱৰি আছে । স্থানীয় লোকৰ মন্তব্য অনুসৰি প্ৰতিবছৰে বাঢ়ি আহিছে শিল দুচটা । আনহাতে মন্দিৰটোত আছে এযোৰ পদযুগল । স্থানীয় লোকৰ বিশ্বাস অনুসৰি সঁচা মনেৰে মন্দিৰটোত প্ৰাৰ্থনা কৰিলে পূৰ্ণ হয় মনৰ কামনা ।

সেয়ে শিৱৰাত্ৰিৰ দিনটোত বহু মন কামনাৰে মন্দিৰটোত ভিৰ কৰিছে ভক্তগনে । স্থানীয় লোকৰ মন্তব্য অনুসৰি ১৯৯২ চনৰ ১৩ ডিচেম্বৰ তাৰিখে মহানগৰী হেঙেৰাবাৰী লিচুবাগানত থকা এই মন্দিৰটোত পদযুগল থকা শিলাখণ্ড উন্মোচন হয় । উক্ত পদযুগল দুটা বৃহৎ শিলেৰে আৱৰি আছে । তেতিয়াৰ পৰা এই মন্দিৰটোত প্ৰতিবছৰে শিৱ পূজা কৰি আহিছে ৰাইজে ।

উল্লেখ্য যে এইবেলি 31 সংখ্যক শিৱৰাত্ৰি পালন কৰা হৈছে মন্দিৰটোত ৷ শিৱৰাত্ৰিৰ দিনটোত মন্দিৰ পৰিচালনা সমিতিয়ে দুটাকৈ দলৰ দ্বাৰা নাগাৰা নামৰ ব্যৱস্থা কৰিছে নিশাৰ ভাগলৈ ৷ দুৰণিবটীয়া ভক্তসকলৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ভাগৰে পৰা ভোগ-প্ৰসাদৰ ব্যৱস্থা কৰিছে পৰিচালনা সমিতিয়ে ৷

উল্লেখযোগ্য যে মহানগৰীৰ হেঙেৰাবাৰীত থকা এই ঐতিহাসিক মন্দিৰটোৰ লগতে অন্যান্য মন্দিৰ যেনে শুক্ৰেশ্বৰ মন্দিৰ, উমানন্দ দেৱালয়ত, লংকেশ্বৰ মন্দিৰ আদি সকলো শিৱমন্দিৰ দেৱালয়তো পুৱাৰে পৰা দেখা গৈছে ভক্তৰ যথেষ্ট ভিৰ।

লগতে পঢ়ক: শতায়ু গৰকা শিৱ আৰাধনাস্থলীৰ অলৌকিক কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.