ETV Bharat / state

শতায়ু গৰকা শিৱ আৰাধনাস্থলীৰ অলৌকিক কথা

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 3:37 PM IST

Maha Shivratri 2024: আজি মহা শিৱৰাত্ৰি । এক বিশেষ স্থানে এইবাৰ শিৱৰাত্ৰিত লাভ কৰিছে বিশেষ চৰ্চা । ক'ত আছে এই বিশেষ মহাদেৱৰ আৰাধনাস্থলী ।

Maha Shivratri celebrated in Golaghat
শতায়ু গৰকা শিৱ আৰাধনাস্থলীৰ অলৌকিক কথা

শতায়ু গৰকা শিৱ আৰাধনাস্থলীৰ অলৌকিক কথা

সৰুপথাৰ,৮ মাৰ্চ: মহা শিৱৰাত্ৰিত চৰ্চাত এক বিশেষ স্থান । এশ বছৰ অতিক্ৰম কৰা এক শিৱ মন্দিৰ । অলেখ মাহাত্ম মন্দিৰটিৰ, আছে অলেখ অলৌকিক কাহিনী । আজি মহা শিৱৰাত্ৰি । দেৱাদিদেৱৰ আৰাধনাত মুখৰিত ৰাজ্য । ভক্তই ভিৰ কৰিছে মহাদেৱৰ আৰধনাস্থলীত । এনে সময়তে আজি দেখুৱাম মহাদেৱৰ এক বিশেষ আৰাধনাস্থলী । এয়া, ঐতিহাসিক সমলেৰে পৰিপূৰ্ণ ধনশিৰি উপত্যকা । ইয়াতে আছে শতায়ু গৰকা এটা বিশেষ মন্দিৰ ।

এই প্ৰাচীন মন্দিৰটিৰ আছে এক নজনা ইতিহাস, যাক আমি আজি ই টিভি ভাৰতৰ দৰ্শকসকলক জনাবলৈ এক প্ৰয়াস কৰিছো ৷ যাৰ আৰম্ভণি উনবিংশ শতিকাত ৷ কছাৰী ৰজাৰ দিনৰে পৰা ভগ্নাৱশেষ থকা মন্দিৰভাগ সুদূৰ উৰিষ্যাৰ পৰা বংশীৰাম কৃষ্ণ নামৰ এজন সাধুৱে আহি চুকীয়াপথাৰবাসী ৰাইজৰ সহায় সহযোগত পুনৰ নিৰ্মাণ কৰিছিল । জনশ্ৰুতি অনুসৰি বংশীৰাম কৃষ্ণ নামৰ সাধুজনে চুকীয়াপথাৰৰ শিৱ মন্দিৰটিৰ স্থান সপোনত দেখা পাইছিল । সেই সূত্ৰে তেওঁ ১৯১০ চনত আহি সেই স্থানত উপস্থিত হৈছিল । পৰবৰ্তী সময়ত ১৯২১ চনত ৰাইজৰ সহযোগত পুনৰ নিৰ্মাণ কৰি শিৱ মন্দিৰটি গঢ়ি তোলা হৈছিল । সেই সময়ৰ পৰাই বৰ্তমান সময়লৈকে চুকীয়াপথাৰ শিৱ মন্দিৰভাগৰ প্ৰতি ভক্তপ্ৰাণ ৰাইজৰ এক সুকীয়া ভাৱ ভক্তি বৰ্তি আছে ।

গৌৰৱপূৰ্ণভাৱে শতবৰ্ষ অতিক্ৰম কৰা শিৱমন্দিৰটিত প্ৰত্য়েক বছৰেই শিৱৰাত্ৰি পালন কৰা হয় । জানিব পৰা মতে বংশীৰাম কৃষ্ণ নামৰ সাধুজন প্ৰায় ১২০ বছৰ বয়সলৈ জীৱিত অৱস্থাত আছিল । ১৯৯৪ চনত পৰলোকপ্ৰাপ্তি ঘটে সাধুগৰাকীৰ । বৰ্তমানো সুন্দৰভাৱে সংৰক্ষিত হৈ আছে সাধুগৰাকীৰ সমাধিস্থল । ভক্তৰ সমাগম অত্যাধিক হোৱা বাবেই একেদিনাই সকলো ভক্তই পূজা-অৰ্চনা কৰাটো সম্ভৱ নহৈছিল। সেইবাবেই কোনো ভক্তই যাতে পূজা-অৰ্চনাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতিবছৰৰ দৰে শিৱ মন্দিৰভাগত এইবাৰো ৮, ৯ আৰু ১০মাৰ্চত তিনিদিনীয়াকৈ মহা শিৱৰাত্ৰিৰ আয়োজন কৰিছে ।

২০১৭ চনৰ পৰা শিৱমন্দিৰভাগ ৰাইজৰ দান বৰঙনিৰে সৰ্বাংগ সুন্দৰ ৰূপত নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে । মন্দিৰভাগত মন্দিৰ পৰিচালনা সমিতি, উদযাপন সমিতি আৰু বহু সংখ্যক গাঁৱবাসী পুৰুষ-মহিলা একত্ৰিত হৈ শিৱৰাত্ৰি আয়োজনৰ বাবে সম্পূৰ্ণ মন্দিৰৰ চৌহদত এক স্বচ্ছতা অভিযান সম্পাদন কৰে । উদযাপন সমিতিয়ে শিৱৰাত্ৰি আয়োজনৰ তিনিওটি দিনতেই সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰে ।

লগতে পঢ়ক: Sawan 2023: মহাদেৱক প্ৰসন্ন কৰিব বিচাৰিছে নেকি ? তেন্তে কৰক এই কাম, পূৰ্ণ হ’ব সকলো মনোকামনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.