গড়ভাঙ্গাত ধুমুহাত বিধ্বস্ত ৮২ টা পৰিয়ালৰ ঘৰ-দুৱাৰ; সহায়ৰ আশ্বাস বিধায়কৰ - Storm ravages Assam

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 7:46 PM IST

thumbnail

মিৰ্জা, 2 এপ্ৰিল: মহানগৰীৰ গাতে লাগি থকা অতি দুৰ্গম তথা অসম-মেঘালয় সীমান্তৰ সৰ্বদা অৱহেলিত বৃহত্তৰ গড়ভাঙ্গা অঞ্চলত দুদিন পূৰ্বে ধুমুহা বৰষুণত ৮২ টা পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হয় । বৃহত্তৰ গড়ভাঙ্গা, জালুকপাহাম, মাটং আদি অঞ্চলৰ বহু পৰিয়ালে মুকলি আকাশৰ তলত থাকিব লগা অৱস্থাৰ সৃষ্টি হৈছে । অতি দুৰ্গম আৰু অৱহেলিত অঞ্চলবাসীৰ এতিয়া হাহাকাৰ অৱস্থা ।  

পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মঙলবাৰে উক্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি লোসকলৰ দুখ দুৰ্দশাৰ বুজ লয় । ক্ষতি সাধন হোৱা পৰিয়ালসমূহক চৰকাৰে ক্ষতিপূৰণ দিয়াৰ বাবে আবেদন জনাব বুলি জানিবলৈ দিয়ে । বৃহত্তৰ গড়ভাঙ্গা, জালুকপাহাম, মাটং আদি অঞ্চলৰ বহু পৰিয়াল এতিয়া মুকলি আকাশৰ তলত থাকিব লগা অৱস্থাৰ সৃষ্টি হৈছে ।  

লগতে পঢ়ক: ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিৰ ফলত চাৰিজনৰ মৃত্যু - Rain And Hailstorm in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.