কংগ্ৰেছৰ দিনত দুৰ্নীতি, বিজেপিৰ দিনত ৰাজ্যত উন্নতি হৈছে : ৰণোজ পেগু

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 9:25 PM IST

thumbnail

ধেমাজি, 2 মাৰ্চ : ‘‘কংগ্ৰেছ চৰকাৰৰ দিনত উন্নতি নোহোৱা মূলতে আছিল ইমান দিনে অসমৰ ৰাইজে উদক ভেটা ৰখীয়া পাতি থৈছিল ৷ কংগ্ৰেছ চৰকাৰৰ নেতা-মন্ত্ৰীয়ে ছিণ্ডিকেট কৰি ৰাজহুৱা ধন পকেটত ভৰাইছিল ৷ যাৰ বাবে উন্নয়ন হোৱা নাছিল ৷ এতিয়া ছিণ্ডিকেট বন্ধ হৈ গ’ল ৷ দুৰ্নীতি বন্ধ হৈ গ’ল ৷ সেই পইচা এতিয়া ৰাজকোষলৈ আহিছে ৷’’ এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷

উল্লেখ্য যে, শনিবাৰে ধেমাজিত উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ ধেমাজিৰ বুটিকোৰত উপস্থিত হৈ শিক্ষামন্ত্ৰী ডাঃ পেগুৱে অসম মালা আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ সম্প্ৰতি বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনৰ উন্নয়ন আৰু হিতাধিকাৰী সৃষ্টিৰ আঁচনিৰ জয়গান গাবলৈ গৈ উক্ত অনুষ্ঠানতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কাম নকৰাক লৈ সোচ্চাৰ হৈ পৰা দেখা গ’ল মন্ত্ৰী পেগুক ৷

লগতে পঢ়ক : ফণীভূষণ চৌধুৰীক লৈ অগপৰ বৰপেটাৰ অংকত খেলিমেলি: আমবাৰীত সভা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.