কলিয়াবৰত হাত এৰি পদুমৰ কাষলৈ দৌৰিল শতাধিক কংগ্ৰেছী নেতা-কৰ্মী - Lok sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 8:46 AM IST

thumbnail

কলিয়াবৰ, 16 এপ্ৰিল: কংগ্ৰেছ মুক্ত হোৱাৰ দিশে কলিয়াবৰ । কংগ্ৰেছৰ ভোট বেংক হিচাপে পৰিচিত হাৰমতীত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত শ-শ পুৰুষ-মহিলাই যোগদান কৰিছে । কলিয়াবৰৰ প্ৰতিখন নিৰ্বাচনী সভাতেই কংগ্ৰেছ দল ত্যাগ কৰি অগপত যোগদান কৰিছে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ।

কলিয়াবৰৰ 4 নং বৰঘূলীত সোমবাৰে অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কংগ্ৰেছ দল ত্যাগ কৰি অগপ দলত যোগদান কৰে ভালেকেইগৰাকী স্থানীয় কংগ্ৰেছ নেতাই । 

কালিৰ দিনটোত কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় স্থানীয় বিধায়ক তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ সোমবাৰে পুৱাৰ পৰা নিশালৈকে চিকনী বৰহোলা, 4 নং বৰঘূলী, পূৱ শোৱালনী, ম’হৰ আলি, হাৰিভাংগা, লাইলুৰী, কেথ’লিক মিছন, চিমনা, লুচাই লাইন, 11 নং লাইন, আমলখী বৰলাইন, গড়বস্তি, চকুটোপ আৰু খলিহামাৰীত মুঠ চৈধ্যখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: সমাগত লোকসভা নিৰ্বাচন; ইংৰাজী ভাষাৰ প্ৰসংগ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখত - Lok sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.