সমাগত লোকসভা নিৰ্বাচন; ইংৰাজী ভাষাৰ প্ৰসংগ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখত - Lok sabha Election 2024
Lok sabha Election 2024: মৰাণ নগৰত বিজেপিৰ বিশাল ৰ'ড শ্ব' ৷ মন্ত্ৰী যোগেন মহন, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ ৷ যোৰহাট লোকসভা সমষ্টি সন্দৰ্ভত ভৱিষ্যৎ বাণী কৰিলে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ ৰ'ড শ্ব'লৈ ৰাইজৰ সমৰ্থন দেখি অভিভূত কেবিনেট মন্ত্ৰী যোগেন মহন ৷

Published : April 16, 2024 at 8:30 AM IST
মৰাণ, 16 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে যোৰহাট লোকসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ হৈ পৰিছে আকৰ্ষণীয় । বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক দ্বিতীয়বাৰৰ বাবে জয় কৰাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী-বিধায়ক ব্যস্ত হোৱা পৰিলক্ষিত হৈছে এতিয়া যোৰহাট লোকসভা সমষ্টিত ।
গৌৰৱ গগৈক পৰাজিত কৰিবলৈ প্ৰাণ-পণে পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপিয়ে । সোমবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণ নগৰত ৰাজ্যিক বিজেপিয়ে উলিয়াই এক বিশাল পদযাত্ৰা ৷ কেইবাহাজাৰ দলীয় কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰা এই পদযাত্ৰা মৰাণ শান্তিপুৰ হৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি জ্যোতিপুৰত সামৰণি পৰে ৷
এই পদযাত্ৰাত অংশগ্ৰহণ কৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হাতত বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত হ'ব বুলি দৃঢ়তাৰে দাবী কৰে ৷ আনহাতে, বিজেপি দলতকৈ জাতীয়তাবাদী কোনো নাই বুলি উল্লেখ কৰি পবিত্ৰ মাৰ্ঘেৰিটাই দলীয় প্ৰতিদ্বন্দ্বী গৌৰৱ গগৈক কটাক্ষ কৰে ৷
তেওঁ কয়, "গৌৰৱ গগৈ উচ্চশিক্ষিত যুৱক, গৌৰৱ গগৈ ভদ্ৰ ঘৰৰ ভদ্ৰ ল'ৰা ৷ তেওঁৰ প্ৰতি আমাৰ শুভেচ্ছা আছে ৷ কিন্তু গৌৰৱৰ শিপাৰ সৈতে সংযোগ নাই ৷ তেওঁ পৰাজিত গোটৰ পৰাজিত এজন সৈনিক .... ৷ ভাল ইংৰাজী ক’লেও, আমি ইংৰাজী ভালপাও তেওঁৰ ৷ কিন্তু একাষৰীয়াকৈ থাকক ৷ সদ্যহতে ৰাইজ আছে কামৰ মানুহ তপন গগৈৰ সৈতে, ইংৰাজীৰ সৈতে নাই ৷"
সমান্তৰালভাৱে বিজেপিৰ নেতৃত্বত ৰাজ্যত উন্নয়ন হোৱা বুলি দাবী কৰি ৰাইজে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰক প্ৰতিষ্ঠা, চৰাইদেউ আৰু যোৰহাট দুখনকৈ চিকিৎসা মহাবিদ্যালয় স্ছাপন কৰিব পৰা, অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আদি যোগান ধৰিব পৰা বিজেপি চৰকাৰৰ প্ৰতিহে সমৰ্থন আগবঢ়াব বুলি কয় ৷
- " class="align-text-top noRightClick twitterSection" data="">
উক্ত পদযাত্ৰাত ৰাইজৰ সঁহাৰি দেখি অভিভূত হৈ পৰে মন্ত্ৰী যোগেন মহন ৷ লগতে এয়া তৃতীয়বাৰৰ বাবে ৰাইজে যে মোদীকেই প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব তাৰেই আগতীয়া ইংগিত বুলি আশা ব্যক্ত কৰে ৷ মৰাণ ঊষাপুৰ খেলপথাৰৰ পৰা উলিওৱা উক্ত পদযাত্ৰাত মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, ন-বিজেপি অংকিতা দত্ত, সুৰুয দিহিঙীয়াকে ধৰি বহুসংখ্যক দলীয় বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

