ভূপেন বৰা মুখ্যমন্ত্ৰী হ'ব পাৰিব, কিন্তু BJP লৈ আহিব লাগিব: হিমন্ত বিশ্ব শৰ্মা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 10:20 PM IST

thumbnail

তিনিচুকীয়া,১১ এপ্ৰিল: ১৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা সৰ্বানন্দ সোণোৱালৰ হৈ মাৰ্ঘেৰিটাত বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । হেলিপ্টাৰযোগে বৰগোলাই বাঁহবাৰী খেলপথাৰত অৱতৰণ কৰি পোনে পোনে ৰাইজক সম্বোধন কৰি নিৰ্বাচনী ভাষণ আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সোণোৱালে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বৃহৎ সমৰ্থন লাভ কৰিব বুলি মন্তব্য আগবঢ়ায় ।  

হাজাৰ হাজাৰ লোকৰ উপস্থিতিত দিয়া ভাষণত বিৰোধী দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এটাও শব্দ উচ্চাৰণ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে ভাষণ সামৰণি মাৰে । ভাষণত মূখ্যমন্ত্ৰীগৰাকীয়ে বিগত কাৰ্যকালত বিজেপিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণ হোৱাৰ বাবেই পুনৰ অসমৰ ৰাইজে বিজেপিকে ভোট দিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । ইফালে, ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোনোৱালে ৪-৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি উল্লেখ কৰে । লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী হ'ব বুলি কোৱা প্ৰসংগত তেওঁ কয় যে ভূপেন বৰা বিজেপিলৈ আহিলেহে মুখ্যমন্ত্ৰী হ'ব পাৰিব ।

লগতে পঢ়ক: খোৱাঙত সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.