ভূপেন বৰা মুখ্যমন্ত্ৰী হ'ব পাৰিব, কিন্তু BJP লৈ আহিব লাগিব: হিমন্ত বিশ্ব শৰ্মা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ (undefined)

By ETV Bharat Assamese Team

Published : April 11, 2024 at 10:20 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া,১১ এপ্ৰিল: ১৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা সৰ্বানন্দ সোণোৱালৰ হৈ মাৰ্ঘেৰিটাত বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । হেলিপ্টাৰযোগে বৰগোলাই বাঁহবাৰী খেলপথাৰত অৱতৰণ কৰি পোনে পোনে ৰাইজক সম্বোধন কৰি নিৰ্বাচনী ভাষণ আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সোণোৱালে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বৃহৎ সমৰ্থন লাভ কৰিব বুলি মন্তব্য আগবঢ়ায় ।  

হাজাৰ হাজাৰ লোকৰ উপস্থিতিত দিয়া ভাষণত বিৰোধী দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এটাও শব্দ উচ্চাৰণ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে ভাষণ সামৰণি মাৰে । ভাষণত মূখ্যমন্ত্ৰীগৰাকীয়ে বিগত কাৰ্যকালত বিজেপিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণ হোৱাৰ বাবেই পুনৰ অসমৰ ৰাইজে বিজেপিকে ভোট দিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । ইফালে, ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোনোৱালে ৪-৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি উল্লেখ কৰে । লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী হ'ব বুলি কোৱা প্ৰসংগত তেওঁ কয় যে ভূপেন বৰা বিজেপিলৈ আহিলেহে মুখ্যমন্ত্ৰী হ'ব পাৰিব ।

লগতে পঢ়ক: খোৱাঙত সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details