ETV Bharat / politics

খোৱাঙত সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 8:59 PM IST

LOK SABHA ELECTION 2024
আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ

কোটোহাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে ৷ এই সভাতে জাতীয় পৰিষদৰ নেতা সঞ্জীৱ চাংমাইয়ে বিজেপিত যোগদান কৰে ৷

খোৱাং সমষ্টিৰ অন্তৰ্গত কোটোহাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়, 11 এপ্ৰিল : ডিব্ৰুগড় লোকসভা সমষ্টিত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনিত অব্যাহত ৰাখিছে মাৰাথন প্ৰচাৰ ৷ বৃহস্পতিবাৰে খোৱাং সমষ্টিৰ অন্তৰ্গত কোটোহাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কোটোহা হাইস্কুল খেলপথাৰত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ কংগ্ৰেছৰ ৰকিবুল হুছেইন থকাৰ সময়ত খৰ্গ নথকা গঁড় চাবলৈ পৰ্যটক আহিব লগা হৈছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সভাত ৰাইজক উদ্দেশ্যি কয় যে এতিয়া এখন নতুন অসম গঢ়িবলৈ লোৱা হৈছে ৷ য'ত কোনো প্ৰতিবাদ নাথাকে, থাকিব কেৱল পঢ়া-শুনা আৰু সকলোৱে যাতে ডাক্তৰ-ইঞ্জিনিয়াৰ হ'ব পাৰে ৷

লগতে তেওঁ কয় যে, কেৱল ৰাজপথত জয় আই অসম বুলি চিঞৰি থাকিলেই ন'হব ৷ দুখীয়াৰ মুখত স্বতঃস্ফূৰ্তভাৱে জয় আই অসম নোলায় ৷ ঘৰ-মাটি-ভেটি নথকা লোকে জয় আই অসম নকয় ৷ যেতিয়া সংস্থাপন হ'ব, যেতিয়া ঘৰ-মাটি ভেটি হ'ব তেতিয়া স্বতঃস্ফূৰ্তভাৱে সকলোৰে মুখত জয় আই অসম ধ্বনি ওলাব আৰু সেই পদক্ষেপ বিজপি দলে কৰিছে ৷ পদুম ফুলত ভোট দিলে উন্নয়নৰ নতুন ধাৰা আৰম্ভ হ'ব বুলি কয় তেওঁ ৷

ইফালে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ পাঁচ শ্বহীদৰ ওচৰত ক্ষমা নুখুজিলে নিৰ্বাচনৰ পাচত তেওঁ ক্ষমা খুজিবলৈ বাধ্য কৰাব বুলিও কয় তেওঁ ৷ উল্লেখযোগ্য যে এই সভাতে লুৰীণজ্যোতি গগৈৰ সোঁহাত স্বৰূপ সঞ্জীৱ চাংমাইয়ে বিজেপি দলত যোগদান কৰে ৷ এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ দায়িত্বত থকা সঞ্জীৱ চাংমাইয়ে জাতীয় পৰিষদত যোগদান কৰি দলটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যৰ দায়িত্ব পালন কৰিছিল ৷

এটা দিনৰ পূৰ্বলৈকে লুৰীণজ্যোতি গগৈৰ কাষত থাকি প্ৰচাৰ চলাইছিল সঞ্জীৱ চাংমাইয়ে ৷ বিগত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিৰ অজাপৰ প্ৰাৰ্থী আছিল সঞ্জীৱ চাংমাই ৷ আনহাতে সঞ্জীৱ চাংমাইৰ সৈতে খোৱাং সমষ্টিৰ জাতীয় যুৱ শক্তিৰ ৰাজদ্বীপ কছাৰীৰ লগতে অসম জাতীয় পৰিষদৰ বহুসংখ্যক সদস্যই বিজেপিত যোগদান কৰে ৷ নিৰ্বাচনলৈ কেইটামান দিন থকাৰ সময়ত লুৰীণজ্যোতি গগৈৰ ঘনিষ্ঠ নেতাই দল ত্যাগ কৰা বিষয়টোৱে জাতীয় পৰিষদৰ কৰ্মীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : জাহাজৰ পৰা ওলাই পদুমলৈ হাত মেলিছে সঞ্জীৱ চাংমায়ে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.