ETV Bharat / politics

জাহাজৰ পৰা ওলাই পদুমলৈ হাত মেলিছে সঞ্জীৱ চাংমায়ে - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 1:43 PM IST

Updated : Apr 11, 2024, 2:27 PM IST

সঞ্জীৱ চাংমাইক দলৰ পৰা বহিষ্কাৰ
সঞ্জীৱ চাংমাইক দলৰ পৰা বহিষ্কাৰ

Sanjib Changmai expelled from AJP : অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ চাংমাইক দলৰ পৰা বহিষ্কাৰ ৷ আজি খোৱাঙৰ কোটোহাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিব সঞ্জীৱ চাংমায়ে ৷

সঞ্জীৱ চাংমাইৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ডিব্ৰুগড়, ১১ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী কংগ্ৰেছ দলৰ লগতে আন ৰাজনৈতিক দলটো দল ত্যাগৰ ঢৌ উঠিছে । ডিব্ৰুগড় লোকসভা সমষ্টিটো তেনে এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে । ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চই লুৰীণজ্যোতিৰ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা পাচৰে পৰা এজন এজনকৈ কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ নেতাই যোগদান কৰি আহিছে বিজেপি দলত ।

বিজেপি দলে ৰচনা ৰণ কৌশলত ভৰি দিছে এজনৰ পাচত আন এজন বিৰোধী নেতাই । ইয়াৰ মাজতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ চাংমাইক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে ৷ দল বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগ উঠিছিল সঞ্জীৱ চাংমাইৰ বিৰুদ্ধে ।

বিগত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছিল সঞ্জীৱ চাংমাই । আজি (বৃহস্পতিবাৰ) খোৱাঙৰ কোটোহাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰিব সঞ্জীৱ চাংমায়ে । সঞ্জীৱ চাংমায়ে ইটিভি ভাৰতক জানিবলৈ দিয়ে বহু তথ্য ৷

জাহাজৰ পৰা ওলাই পদুমলৈ হাত মেলিছে সঞ্জীৱ চাংমায়ে
সঞ্জীৱ চাংমাইক দলৰ পৰা বহিষ্কাৰ

তেওঁ উল্লেখ কৰা অনুসৰি, দলত তেওঁক একাংশই গুৰুত্বহীন কৰা বাবে তেওঁ ক্ষোভ প্ৰকাশ কৰিছিল । এই সকলো বিষয় সভাপতিক জনোৱা হৈছিল বুলি জানিবলৈ দিছে ।

উল্লেখ্য যে, সঞ্জীৱ চাংমায়ে অসম জাতীয় পৰিষদৰ জন্মৰ সময়ৰ পৰা শক্তিশালীভাৱে দলটোত কাম কৰিছিল । এক প্ৰকাৰে লুৰীণজ্যোতি গগৈৰ সো-হাত স্বৰূপ আছিল চাংমাই । সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড়ৰ লগতে কেন্দ্ৰীয় সমিতিৰ দায়িত্বত থকা চাংমায়ে জাতীয় পৰিষদত যোগদান কৰি কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যৰ দায়িত্ব পালন কৰি আছিল ।

দুটা দিনৰ পূৰ্বলৈকে লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত সকলো কামৰ তদাৰক কৰি আহিছিল চাংমায়ে । তেনে এজন নেতাই নিৰ্বাচনলৈ কেইটামান দিন থকা সময়ত দল ত্যাগ কৰা বিষয়টোৱে জাতীয় পৰিষদৰ কৰ্মীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

লগতে পঢ়ক : লক্ষাধিক টকাসহ আটক ভূপেন বৰাৰ ব্যক্তিগত সহায়ক - Lok Sabha election 2024

Last Updated :Apr 11, 2024, 2:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.