ETV Bharat / politics

লক্ষাধিক টকাসহ আটক ভূপেন বৰাৰ ব্যক্তিগত সহায়ক - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 10:21 AM IST

Updated : Apr 11, 2024, 11:14 AM IST

Violation of election code : নিৰ্বাচনী বিধি উলংঘা কৰি পাঁচ লক্ষাধিক টকা নিয়াৰ বাবে লখিমপুৰত কংগ্ৰেছৰ নেতাক আটক কৰা হৈছে । এছএছটিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ব্যক্তিগত সহায়কসহ পাঁচজন কংগ্ৰেছ কৰ্মীক আটক কৰিছে ।

Violation of election rules
Violation of election rules

লখিমপুৰ, ১১ এপ্ৰিল : ৰাজ্যত বাজিছে নিৰ্বাচনী ৰণ দুন্দুভি ৷ কঁকালত মাৰ বান্ধি থিয় দিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মী ৷ সকলোৱে নামি পৰিছে সৰ্ব-সাধাৰণ ৰাইজৰ মন জয় কৰাত ৷ নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত পোহৰলৈ আহিছে এক আচৰিত খবৰ ৷ লখিমপুৰত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জিন্টু হাজৰিকাক আটক কৰা হৈছে ।

নিৰ্বাচনী ধামখুমীয়াৰ মাজতে বুধবাৰে নিশা লখিমপুৰত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জিন্টু হাজৰিকাক পাঁচ লক্ষাধিক টকাসহ এছএছটিৰ দলে আটক কৰিছে । আৰক্ষী সূত্ৰৰ পৰা জনোৱা মতে, বুধবাৰে নিশা প্ৰায় ১০:৩০ বজাত তেওঁক আটক কৰা হয় ।

লখিমপুৰ নগৰৰ বান্তৌ এলেকাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত AS ০৭T ৮১২২ নম্বৰৰ চেলেৰিঅ’ গাড়ীৰ লগতে পাঁচ লাখ ৮১ হেজাৰ টকাসহ কংগ্ৰেছৰ সম্পাদকজনক আটক কৰা হয় । সম্প্ৰতি আটকাধীন কংগ্ৰেছৰ নেতাজনক লখিমপুৰ সদৰ থানাত সোধপোচ কৰি থকা হৈছে ।

জানিব পৰা মতে, কংগ্ৰেছৰ নেতা জিন্টু হাজৰিকাৰ সৈতে আছিল মৌচম লাহন, সুৰেশ চেতিয়া, লক্ষ নাথ নাটে আৰু মেহদি হাছান ৷ জিন্টু হাজৰিকাসহ এই আটাইকেইজন লোককো আটক কৰিছে আৰক্ষীয়ে ৷ তথ্য অনুসৰি, ধৃত লোককেইজনক সদৰ থানাতে ৰখা হৈছে ।

উল্লেখ্য যে, জিন্টু হাজৰিকা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ব্যক্তিগত সহায়ক ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ব্যক্তিগত সহায়কৰ এনে কৰ্মই এতিয়া চকু কঁপালত তুলিছে সাধাৰণ জনৰ ৷ নিৰ্বাচনী বিধি উলংঘা কৰি এনেদৰে ধন সৰবৰাহ কৰাৰ অভিযোগত আটক কৰা কংগ্ৰেছ কৰ্মী কেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : নিৰ্বাচনী ৰণক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল : ডিব্ৰুগড়ৰ প্ৰাৰ্থীগৰাকীৰ সৈতে বিশেষ সাক্ষাৎকাৰ - Sarbananda Sonowal

Last Updated :Apr 11, 2024, 11:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.