মোদীৰ সভালৈ পানী যোৱা জল জীৱন আঁচনিৰ পাইপ ফুটিল

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 8:30 PM IST

thumbnail

যোৰহাট, 6 মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৰহাট ভ্ৰমণক লৈ যুদ্ধংদেহী তৎপৰতা দেখিবলৈ পোৱা গৈছে জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ মাজত ।  যোৰহাট নগৰখন সুন্দৰ ৰূপত সজাই পৰাই তুলিবলৈ সকলো এতিয়া ব্যস্ত হৈ পৰিছে ৷ ইয়াৰ ব্যতিক্ৰম নহয় বছৰ বছৰ ধৰি লেহেমীয়া গতিৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমণৰ পৰিপ্ৰেক্ষিতত এতিয়া দ্ৰুত গতিত কাম আৰম্ভ কৰিছে ৰাষ্টীয় ঘাইপথ প্ৰাধিকৰণে ৷

পিছে কামৰ মাজতে লাগিল লেঠা, যেতিয়া জল জীৱন আঁচনিৰ পাইপত ফকলেণ্ডৰ আঁচোৰ পৰিল ৷ কেন্দুগুৰি বাইপাছত অহৰ্নিশে এতিয়া পানী নিৰ্গমণ হৈ পুখুৰীলৈ পৰিণত হৈছে পথ । যি পানীৰ পাইপ ফাটি পানী বৈ আছে, সেই পাইপেৰে মোদী সভালৈ পানী যোগান ধৰি থকা হৈছে । জল জীৱন আঁচনিৰ বিভাগৰ মুৰব্বীসকলৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ইতিমধ্যে ঘটনাস্থলীত বিভাগীয় বিষয়া-কৰ্মচাৰী উপস্থিত হৈ পানী নিৰ্গমণ বন্ধ কৰিবৰ বাবে চেষ্টা চলাই আছে যদিও এই মুহূৰ্তলৈকে সক্ষম হোৱা নাই । তাৎপৰ্যপূৰ্ণ যে মোদীৰ আগমণক লৈ বৰ্তমান জিলা প্ৰশাসন তথা বিভাগীয় বিভাগ সষ্টম হৈ পৰাৰ লগতে দিনে নিশাই কামত ব্ৰতী হৈ পৰিছে শ্ৰমিক তথা কৰ্মচাৰীসকল । উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণ সূচীৰে ৮ মাৰ্চত যোৰহাট আৰু কাজিৰঙালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

লগতে পঢ়ক : টীয়কত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.