সৰুপথাৰত ২৪০ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ - Drugs seized

By ETV Bharat Assamese Team

Published : May 2, 2024, 11:07 PM IST

Updated : May 3, 2024, 8:10 AM IST

thumbnail
সৰুপথাৰত ২৪০ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ (ETV Bharat Assam)

সৰুপথাৰ, ২ মে': সৰুপথাৰত অসম আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ । ২৪০ টা চাবোনৰ বাকচত অনা হৈছিল ড্ৰাগছখিনি । AS 05 S 9434 নম্বৰৰ অল্টো বাহনখনত কঢ়িয়াই আনিছিল ড্ৰাগছ খিনি । গাড়ী চালক আটাখো মাওক আটক আৰক্ষীৰ । লগতে সৰবৰাহকাৰী জাকিৰ হুছেইনসহ আন দুজন লোকক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা দুখনকৈ গাড়ীয়ো জব্দ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে জনোৱা মতে, সৰবৰাহকাৰীৰ পৰা জব্দ গাড়ী দুখন গোলাঘাট জিলাৰ পৰা পঞ্জীয়নভুক্ত  ৷ ঘটনাস্থলীত উপস্থিত গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং । মাও গেট, মণিপুৰৰ পৰা ড্ৰাগছখিনি কঢ়িয়াই আনিছিল যুৱকজনে ।

ড্ৰাগছখিনিৰ আনুমানিক মূল্য ১৫ কোটি টকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে গোলাঘাট আৰক্ষীয়ে । অসম আৰক্ষীয়ে ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰখাৰ পাচতো কিন্তু বিভিন্ন স্থানত উদ্ধাৰ হৈয়েই আছে এই বৰবিহ ।

আৰক্ষীৰ চকুত ধূলি দি দুষ্টচক্ৰই অব্যাহত ৰাখিছে এই বৰবিহৰ বেপাৰ আৰু যাৰ কবলত পৰি ধ্বংসৰ মুখলৈ গতি কৰিছে অসমৰ বহু যুৱক । 

লগতে পঢ়ক: শোণিতপুৰত হাতী-মানুহৰ সংঘাতত ৫বছৰত ৩০ জন লোকৰ মৃত্যু - Man elephant conflict

Last Updated : May 3, 2024, 8:10 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.